গ্ৰেপ্তাৰ হ’ল গোলাপ বৰুৱাৰ গণ সংহাৰৰ সৈতে জড়িত ৮ হত্যাকাৰী…

ডিজিটেল ডেস্ক : ৩১ আগষ্টত শিশু অপহৰণকাৰীৰ সন্দেহত জোনাইত গণ সংহাৰৰ বলি হৈছিল গোলাপ বৰুৱা । গোগামুখ চুতীয়া গাৱঁৰ নিবাসী গোলাপ বৰুৱাক প্ৰায় ১০০ জনতকৈ অধিক লোকে অতি নৃসংশ ভাৱে হত্যা কৰিছিল ককে গাৱঁত । জোনাই আৰক্ষীয়ে মুমুৰ্ষ অৱস্থাত গোলাপ বৰুৱাক চিকিৎসালয়লৈ লৈ গৈছিল যদিও চিকিৎসালয় পোৱাৰ পূৰ্বেই মৃত্যু ঘটিছিল গোলাপ বৰুৱাৰ । ঘটনা সন্দৰ্ভত জোনাই আৰক্ষীয়ে ৰুজু কৰিছিল এক গোচৰ আৰু গোচৰৰ ভিত্তিতেই অনুসন্ধান আৰম্ভ কৰিছিল । আজি পুৱা অনুসন্ধানৰ ফলস্বৰূপেই গ্ৰেপ্তাৰ কৰা হ’ল ৮ জন হত্যাকাৰীক ।

উল্লেখ্য যে, অসমত শিশু অপহৰণকাৰীৰ সন্দেহত কৰা গণ সংহাৰ এয়াই প্ৰথম নহয় । ইয়াৰ পূৰ্বেও কাৰ্বি-আংলং জিলাৰ দবকাত সংঘটিত হৈছিল এনে ঘটনা । ৰাইজৰ ৰোষৰ বলি হৈ প্ৰাণ হেৰুৱাইছিল অভি আৰু নীল নামৰ দুই যুৱকে ।

আৰু পঢ়ক : কোন হ’ব ব্ৰিটেইনৰ নতুন প্ৰধান মন্ত্ৰী, আজি অন্ত পৰিব অপেক্ষাৰ…



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/sHiLhIn
via IFTTT

Comments