ভাৰতীয় গৰ্ভৱতী মহিলাৰ মৃত্যুৰ পাছতে পদত্যাগ পৰ্টুগালৰ স্বাস্থ্যমন্ত্ৰীৰ…

ডিজিটেল ডেস্ক: মঙলবাৰে পদত্যাগ কৰে পৰ্তুগালৰ স্বাস্থ্য মন্ত্ৰী মাৰ্টা টেমিডোয়ে। এগৰাকী ভাৰতীয় গৰ্ভৱতী মহিলাৰ মৃত্যুৰ ব্যাপক সমালোচনাৰ পিছত তেওঁ এই পদত্যাগৰ কথা ঘোষণা কৰে।
ঘটনাৰ বিৱৰণী অনুসৰি ভাৰতীয় গৰ্ভৱতী মহিলা পৰ্যটক গৰাকীক লিছবানৰ এখন হস্পাতাললৈ লৈ যোৱা হৈছিল। কিন্তু চিকিৎসালয় খনত বিচনা খালী নাই বুলি তাত ভৰ্তি নকৰালে কৰ্তৃপক্ষই।
তাৰ পাছতেই মহিলা গৰাকীক অন্য এখন হস্পাতালৈ স্থানান্তৰ কৰা হৈছিল।কিন্তু সেই সময়তে হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু মুখত পৰে মহিলা গৰাকী। অৱশ্যে তাৰ পূৰ্বে মহিলা গৰাকীৰ এটি সন্তান জন্ম হয়।
এই ঘটনাৰ পাছতেই ছচিয়েল মিডিয়াত ইয়াক লৈ বহু সমালোচনা কৰা হয়। বহুতেই পৰ্টুগাল চৰকাৰৰ সমালোচনাও কৰে। তাৰ পাছতেই পদত্যাগ কৰে স্বাস্থ্য মন্ত্ৰীয়ে।
আৰু পঢ়ক: লামডিঙৰ এটি কনমানিক প্ৰয়োজন আপোনাৰ সহায়ৰ, আক্ৰান্ত হৈছে জটিল ৰোগত…
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/x3CrR8Q
via IFTTT
Comments
Post a Comment