অহংকাৰৰ পতন ! খাদ্য সংকট দূৰ কৰিবলৈ পাকিস্তানে বিচাৰিছে ভাৰতৰ সহায়…

ডিজিটেল ডেস্কঃ বান বিধ্বস্ত পাকিস্তানত এতিয়া জীৱৰ আলৈ আথানি অৱস্থা। দেশখনৰ অৰ্থনীতিৰ কামিহাড় ভাঙি পেলাইছে চলিত বানে। সমান্তৰালকৈ তীব্ৰ খাদ্য সংকটত ভূগিছে চুবুৰীয়া ৰাষ্ট্ৰখন। তথ্য অনুসৰি চলিত বানত পাকিস্তানত প্ৰায় ৩৩ নিযুত লোক ক্ষতিগ্ৰস্ত হৈছে। এনে পৰিস্থিতিত পাকিস্তানে এতিয়া বিদেশী ৰাষ্ট্ৰৰ সহায় ভিক্ষা কৰিবলৈ বাধ্য হৈ পৰিছে।
পৰিস্থিতি এনে পৰ্যায় পাইছেগৈ যে চিৰবৈৰী পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে এতিয়া ভাৰতৰ পৰাও সহায়ৰ আহ্বান কৰিবলৈ বাধ্য হৈছে। পূৰ্বে পাকিস্তানৰ বৈদেশিক মন্ত্ৰী বিলৱাল ভুট্টোৱে ভাৰতৰ পৰা সহায়ৰ আশা কৰিছিল। ইফালে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও পাকিস্তানৰ বান পৰিস্থিতি সন্দৰ্ভত উদ্বেগ প্ৰকাশ কৰিছে। যাৰ বাবে পাকিস্তানে এতিয়া ভাৰতৰ পৰা সহায় ভিক্ষা কৰিবলৈ সকলো কুণ্ঠাবোধ ত্যাগ কৰিছে।
জানিব পৰা মতে খাদ্য সংকটত পৰা পাকিস্তানে ভাৰতৰ পৰা খাদ্য, শস্য বিচাৰিব পাৰে। উল্লেখ্য যে পাকিস্তানে ভাৰতৰ সৈতে বাণিজ্যক সম্পৰ্ক ছিন্ন কৰিছিল। অৱশ্যে কিছুমান গুৰুত্বপূৰ্ণ জীৱন ৰক্ষাকাৰী ঔষধ আমদানি কৰিবলৈ এৰা নাছিল।
এতিয়া পুনৰ বিপদত পৰা পাকিস্তানে দেশখনৰ নাগৰিকৰ খাদ্য সংকট দূৰ কৰিবলৈ ভাৰতৰ মুখলৈ চাবলৈ বাধ্য হৈছে। উল্লেখ্য যে চলিত বানে পাকিস্তানত এই পৰ্যন্ত ১১০০ লোকৰ প্ৰাণ কাঢ়িছে। যাৰ ভিতৰত আছে প্ৰায় ৪ শতাধিক শিশু।
বানৰ ফলত পাকিস্তানত এতিয়ালৈকে ৩ হাজাৰ কিলোমিটাৰ পথ ধ্বংস হৈছে। এনে পৰিস্থিতিত বৰ্ন্যাতক সাহায্য প্ৰদান কৰিবলৈও চিন্তা কৰিবলগীয়া হৈছে। দেশখনৰ প্ৰায় ২০ লাখ একৰ কৃষিভূমি পানীৰ তলত আছে। ফলত এই কৃষি পথাৰৰ শস্য় নষ্ট হৈছে।
সিন্ধু, বেলুচিস্তান, খাইবাৰ-পাখতুনখোৱা আৰু পঞ্জাৱৰ আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে। পাকিস্তানত প্ৰতি বছৰে গড়ে ১৩০ মিলিমিটাৰ বৰষুণ হয়। কিন্তু এইবাৰ এই বৰষুণৰ পৰিমাণ ৩৮৫ মিলিমিটাৰলৈ বৃদ্ধি হৈছে। বতৰ বিজ্ঞান বিভাগৰ মতে, ছেপ্টেম্বৰ লৈকে একেধৰণৰ ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। সিন্ধিত স্বাভাৱিকতকৈ ৭৮.৪ শতাংশ অধিক, বেলুচিস্তানত ৫২.২ শতাংশ, গিলগিট-বালিস্তানত ২২.৫ শতাংশ, পঞ্জাৱত ৬২ শতাংশ আৰু খাইবাৰ পাখতুনখোৱাত এইবাৰ ৫৪ শতাংশ অধিক বৰষুণ হৈছে।
পাকিস্তানৰ এনে পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাষ্ট্ৰসংঘই মঙ্গলবাৰে ইছলামাবাদ আৰু জেনেভাচত যুটীয়াভাৱে ‘পাকিস্তান বান সঁহাৰি পৰিকল্পনা ২০২২’ আৰম্ভ কৰা হৈছে। অন্যহাতে আগন্তুক দিনত পাকিস্তানৰ বৰ্তমানৰ পৰিস্থিতি পৰ্যবক্ষেণৰ বাবে ৰাষ্ট্ৰসংঘৰ মহা সচিবে পাকিস্তান ভ্ৰমণ কৰাৰ সম্ভাৱনা আছে।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/0UotfbN
via IFTTT
Comments
Post a Comment