লখিমপুৰ জিলা শিক্ষা চক্ৰৰ নতুন আই.এছ হেম চন্দ্ৰ শইকীয়া…

ডিজিটেল সংবাদ, ঢকুৱাখনা : ৰাজ্য চৰকাৰৰ মাধ্যমিক শিক্ষা বিভাগে এক নিৰ্দেশনা যোগে লখিমপুৰ জিলা শিক্ষা চক্ৰত অসম শিক্ষা সেৱাৰ বিষয়া হেম চন্দ্ৰ শইকীয়াক নতুন বিদ্যালয় সমূহৰ পৰিদর্শক হিচাবে নিযুক্তি দিছে।
লখিমপুৰ জিলা বিদ্যালয় সমূহৰ পৰিদর্শক ড০ ৰমেশ চন্দ্ৰ চুতীয়াৰ কাৰ্যকাল যোৱা ৩১ আগষ্টত শেষ হোৱাৰ বাবে মাধ্যমিক শিক্ষা বিভাগে শনিবাৰে জাৰি কৰা এ এছ ই /৩১২/২০২২/৯-এ নং এক নিৰ্দেশনা যোগে প্ৰাথমিক শিক্ষা বিভাগৰ উপ সঞ্চালক শইকীয়াক লখিমপুৰ জিলা বিদ্যালয় সমূহৰ পৰিদর্শক (আই এছ) হিচাবে নিযুক্তি দিছে।
ৰাজ্য চৰকাৰৰ উচ্চতৰ মাধ্যমিক বিভাগৰ সচিব ড০ বিজয়া চৌধুৰীয়ে স্বাক্ষৰ কৰা এই নিৰ্দেশনাটোত আই এছ শইকীয়াক লখিমপুৰ জিলা প্ৰাথমিক শিক্ষা বিষয়া হিচাবেও বিত্তীয় ক্ষমতাসহ অতিৰিক্ত দায়িত্ব অৰ্পণ কৰি ভাৰপ্ৰাপ্ত প্ৰাথমিক শিক্ষা বিষয়া হিচাবে নিযুক্তি দিছে।
ৰাজ্যিক অধিবিদ্যা পৰিষদৰ কাৰ্যনিৰ্বাহক সদস্য অনন্ত কুমাৰ দাস, লখিমপুৰ জিলা অধিবিদ্যা পৰিষদৰ কাৰ্যকৰী সভাপতি মৃদুল ভূঞা, সাধাৰণ সম্পাদক প্ৰদীপ বৰা আদিয়ে অৱসৰী আই এছ চুতীয়াৰ ভৱিষ্যত জীৱন কুশল কামনা কৰি নৱ নিযুক্ত আই এছ শইকীয়ালৈ অভিনন্দনেৰে লখিমপুৰ শিক্ষা চক্ৰলৈ আদৰণি জনাইছে ।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/6GtLTNl
via IFTTT
Comments
Post a Comment