খাদ্যত বিষক্ৰিয়াঃ নুমলীগড় ৰৌদুৱাৰ গাঁৱৰ ৩২ গৰাকী চিকিৎসাধীন…

ডিজিটেল সংবাদঃ বোকাখাত খণ্ড প্ৰাথমিক চিকিৎসালয়ৰ অন্তৰ্গত নুমলীগড় ৰৌদুৱাৰ গাঁৱত খাদ্যত বিষক্ৰিয়া হৈ ৪ বছৰীয়া শিশু সহ প্ৰায় ৩২ জন আক্ৰান্ত হোৱাৰ বাতৰি পোৱা গৈছে। জানিব পৰা মতে ৰৌদুৱাৰ গাঁৱত তোলনী বিয়া খোৱাৰ পিছত নিশা প্ৰায় ১ বজাৰ পৰা একাংশ লোকৰ শৌচ- বমি আৰু মূৰৰ বিষ আৰম্ভ হয়।

তাৎক্ষণিক ভাৱে স্থানীয় ৰাইজে আশা কৰ্মীক খবৰ দিয়াৰ পিছত বোকাখাত শ্বহীদ কমলা মিৰি অসামৰিক চিকিৎসালয়লৈ আক্ৰান্ত সকলক লৈ যোৱা হয়। স্থানীয় লোকে জানিবলৈ দিয়া মতে বিয়া ঘৰত মাছ ,পনিৰ আদিৰে প্ৰথম অৱস্থাত যিসকল লোকে বিয়া খাইছিল সেই সকল লোক আক্ৰান্ত হোৱা নাই। যদিও পিছৰ পৰ্যায়ত লোক সকলে বিয়া খাই ঘৰমুৱা হোৱাৰ পিছত নিশা পেটৰ বিষ ,বমি- শৌচ আৰম্ভ হয়।

বোকাখাত শ্বহীদ কমলা মিৰি অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা জোনমনি কছাৰী (৩২),ৰীনা কছাৰী (৩৫),দীপক কছাৰী (৫১),বিজিত কছাৰী (১২), কৃষ্ণকান্ত কছাৰী (১১),মুনু বাউৰী(২৪),মানসী বাউৰী(৪), কাঞ্চন শৰ্ম্মা (৪৫),চিন্ময় কছাৰী (৫),নিতুমনি কছাৰী (২৭),দৌপদী তাঁতী (৬৫), পল্লবী মিশ্ৰ (৯) চিকিৎসাধীন হৈ আছে। উল্লেখযোগ্য যে ইয়াৰ আগতে জন্মাষ্টমীৰ প্ৰসাদ খাই বোকাখাতৰ অগৰাতলি গাৱত ভালেসংখ্যক লোক অসুস্থ হৈছিল।

আৰু পঢ়কঃ বিশিষ্ট সাহিত্যিক, গৱেষক ড০ প্রফুল্ল মহন্তৰ দেহাৱসান



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/Y9tGZyA
via IFTTT

Comments