বাইহাটা চাৰিআলি বিদ্যুৎ উপসংমণ্ডল বিষয়া আৰু একাংশ কৰ্মচাৰীৰ কাণ্ডজ্ঞানহীনতাৰ বাবেই বিদ্যুৎস্পৃষ্ট হৈ পৰিল বিদ্যুৎকৰ্মী…

ডিজিটেল সংবাদ, দুমুনিচকী : বাইহাটা চাৰিআলিৰ আলিপূৱত বিদ্যুৎস্পৃষ্ট হৈ আজি প্ৰায় ২০ ফুট ওপৰৰ পৰা এজন বিদ্যুৎকৰ্মী পকী পথৰ ওপৰত সৰি পৰে। ফলত মৃতপ্ৰায় অৱস্থাত যুৱকজনক বাইহাটা চাৰিআলিৰ সমীপৰ এখন ব্যক্তিগত চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও পিছত সন্ধিয়া উন্নত চিকিৎসাৰ বাবে গুৱাহাটীৰ আন এখন নাৰ্চিং হোমত ভৰ্তি কৰা হয়। প্ৰত্যক্ষ্যদৰ্শী লোকৰ ভাষ্য অনুসৰি ঘটনা স্থলীত উপস্থিত থকা বিদ্যুৎ উপসংমণ্ডল বিষয়াৰ লগতে একাংশ বিষয়া কৰ্মচাৰীৰ কাণ্ড জ্ঞানহীনতাৰ বাবে যুৱকজনে এনেদৰ বিদ্যুৎস্পৃষ্ট হবলগীয়া হয়।
উল্লেখ্য যে আজি বিয়লি প্ৰায় ৩ বজাত বাইহাটা চাৰিআলি বিদ্যুৎ উপসংমণ্ডলৰ কাৰ্যালয়ৰ পৰা নাতিদুৰৰ আলিপূৱত নগাঁৱ নিবাসী জগদীশ বৈশ্য নামৰ বিদ্যুৎকৰ্মী জনে উচ্চ ক্ষমতা সম্পন্ন বৈদ্যুতিক তাঁৰ সংযোগ কৰাৰ কাম আৰম্ভ কৰে। উক্ত কামৰ দায়িত্ব লাভ কৰা ঠিকাদাৰৰ কৰ্মচাৰীজনে কাম কৰাত সুবিধা হ’বলৈ পৰিয়াল এটাৰ বিদ্যুৎ সংযোগৰ তাঁৰ খুলি দি পিছত পুনৰ সংযোগ কৰাৰ বাবে চেষ্টা কৰে। জখলাৰে প্ৰায় ২০ ফুট উচ্চতালৈ উঠি তাঁৰডাল সংযোগ কৰিব ধৰোতেই ১১ হাজাৰ ভল্টৰ আন এডাল তাঁৰত লাগি যুৱক জন বিদ্যুৎস্পৃষ্ট হৈ তলৰ পকী পথৰ ওপৰত সৰি পৰে। যাৰ ফলত মুহুৰ্তৰ ভিতৰতে প্ৰত্যক্ষদৰ্শী স্থানীয় লোক আৰু উপসংমণ্ডলটোৰ বিষয়া কৰ্মচাৰীৰ মাজত হুৱা-দুৱা লগে। বিদ্যুৎ কৰ্তন নকৰাকৈ বিদ্যুতৰ কাম কৰা বাবে যুৱকজন বিদ্যুৎস্পৃষ্ট হয়।
বিদ্যুৎ উপসংমণ্ডল বিষয়া আৰু আন কৰ্মচাৰীৰ কাণ্ডজ্ঞানহীনতাৰ বাবে সংঘটিত হোৱা উক্ত কাণ্ডত ক্ষোভিত হৈ পৰে উপস্থিত স্থানীয় লোক সকলে। যুৱক জনক মৃতপ্ৰায় অৱস্থাত টাটা ডি আই এখনত তুলি বাইহাটা চাৰিআলিৰ সমীপৰ এখন ব্যক্তিগত চিকিৎসাললৈ নিয়ে যদিও পিছত গুৱাহাটী নাৰাংগীৰ গেট হাস্পতালত ভৰ্তি কৰে। বৰ্তমান জগদীশ বৈশ্যৰ অতি সংকটজনক অৱস্থাত চিকিৎসা চলি থকা বুলি জানিব পৰা গৈছে।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/6UhJjBe
via IFTTT
Comments
Post a Comment