সমগ্ৰ দেশত শিক্ষক দিৱসৰ আয়োজন, বিভিন্ন প্ৰান্তত সন্মানিত কৰা হ’ব কৃতী শিক্ষকসকলক…

ডিজিটেল ডেস্ক : আজি শিক্ষক দিৱস, দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি তথা প্ৰখ্যাত দাৰ্শনিক ড০ সৰ্বেপল্লী ৰাধাকৃষ্ণনৰ জন্ম বাৰ্ষিকী উপলক্ষে দেশত আয়োজন কৰা হৈ আহিছে শিক্ষক দিৱসৰ । প্ৰাচীন কালৰে পৰাই বিশ্বত পিতৃ-মাতৃৰ পাছতেই এটি শিশুক গঢ় দিয়াৰ বাবে সৰ্বোচ্চ আসনত স্থান দিয়া হয় শিক্ষাগুৰুসকলক । ইয়াৰেই উদাহৰণ আছিল আমেৰিকাৰ ১৬ তম ৰাষ্ট্ৰপতি আব্ৰাহাম লিংকনে নিজৰ সন্তানৰ শিক্ষকলৈ লিখা চিঠিখন । য’ত ৰাষ্ট্ৰপতি গৰাকীয়ে তেখেতৰ সন্তানৰ শিক্ষকলৈ অনুৰোধ কৰিছিল, সন্তানক জীৱন দৰ্শনৰ সকলো শিক্ষা দিবলৈ আৰু এজন মানুহ হিচাপে গঢ়ি তুলিবলৈ ।
অৱশ্যে, ৫ ছেপ্তেম্বৰত কেৱল ভাৰতবৰ্ষতেই উদযাপন হয় শিক্ষক দিৱস হিচাপে । এইবাৰো সমগ্ৰ দেশতেই উলহ মালহেৰে উদযাপন কৰা হ’ব শিক্ষক দিৱসৰ । ইয়াৰ ওপৰিও কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰ সমূহে সন্মান জনাব কৃতী শিক্ষকসকলক । দেশৰ নৱ নিযুক্ত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ৰাষ্ট্ৰীয় কৃতী শিক্ষকৰ বটা প্ৰদান কৰিব ৪৬ গৰাকী শিক্ষকক । ইয়াৰ সমান্তৰালকৈ অসমতো ৰাজ্যিক আৰু জিলা ভিত্তিক পৰ্য্যায়ত জনোৱা হ’ব এই সন্মান ।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2ODobzM
via IFTTT
Comments
Post a Comment