দেশ বিজেপি মুক্ত হ’লেই বিনামুলীয়া বিদ্যুত সেৱাৰ ঘোষণা কে. চন্দ্ৰশেখৰ ৰাওৰ…

ডিজিটেল ডেস্ক : দেশৰ বিনামুলীয়া সেৱাৰ বিতৰ্কই আদালত পোৱা অৱস্থাতে তেলেংগানাৰ মুখ্যমন্ত্ৰী কে. চন্দ্ৰশেখৰ ৰাওৰ নতুন ঘোষণা । ২০২৪ ত ভাৰত বিজেপি মুক্ত হ’লে সমগ্ৰ দেশৰ কৃষকলৈ বিনামুলীয়া বিদ্যুত সেৱা আগবঢ়াব তেলেংগানা ৰাষ্ট্ৰ সমিতিয়ে । ইয়াৰ সৈতেই আন ৰাজ্যসমূহৰ ‘বিজেপি মুক্ত দেশ’ শ্লোগানৰ পৰা উৎসাহিত হৈ অতি শীঘ্ৰেই তেলেংগানা ৰাষ্ট্ৰ সমিতিয়ে ৰাষ্ট্ৰীয় ৰাজনীতিত প্ৰৱেশ কৰিব । সমগ্ৰ দেশৰ উন্নয়নৰ বাবে ‘তেলেংগানা আৰ্হি’ ৰ প্ৰয়োজন বুলিও ঘোষণা কৰে মুখ্যমন্ত্ৰী জনে ।
সোমবাৰে মুখ্যমন্ত্ৰী জনে ৫৮ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা তেলেংগানা ৰাষ্ট্ৰ সমিতিৰ জিলা কাৰ্যালয় আৰু জিলা উপায়ুক্তৰ কাৰ্যালয় মুকলি কৰি সংবাদ মাধ্যমৰ সন্মুখত দিছিল এই ভাষ্য ।
উল্লেখ্য যে, ৰাৱে দাবী কৰা অনুসৰি নৰেন্দ্ৰ মোডী নেতৃত্বাধীন বিজেপি চৰকাৰে অকাৰ্যক্ষম সম্পত্তিৰ আৰত ১২ লাখ কোটি টকাৰ ৰেহাই পাইছিল । তেনেস্থলত ৰাজ্যখনৰ কৃষকৰ বিজুলি বকেয়া মাফ কৰিবলৈ ১.৪৫ কোটি টকা কিয় দিব নোৱাৰে বুলিও প্ৰশ্ন কৰিছিল মুখ্যমন্ত্ৰী জনে ।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/Nu9chOl
via IFTTT
Comments
Post a Comment