বকোত এল.আই.চিৰ সজাগতামূলক বাইক ৰেলী…

ডিজিটেল সংবাদ, ছমৰীয়া :- কামৰূপ জিলাৰ বকোত সোমবাৰে অনুষ্ঠিত হয় ভাৰতীয় জীৱন বীমা নিগমৰ এক বাইক ৰেলী। প্ৰাপ্ত তথ্য মতে ১৯৫৬ চনৰ ১ ছেপ্তেম্বৰত ৰাষ্ট্ৰীয়কৃত হোৱা ভাৰতীয় জীৱন বীমা নিগমে প্ৰতিবছৰৰ ১ ছেপ্তেম্বৰৰ পৰা ৭ ছেপ্তেম্বৰলৈ সমগ্ৰ দেশজুৰি পালন কৰি আহিছে বীমা সপ্তাহ।
এই বীমা সপ্তাহৰ লগত সংগতি ৰাখি সোমবাৰে বকোস্থিত ভাৰতীয় জীৱন বীমা নিগমৰ উপগ্ৰহীয় কাৰ্যালয়ৰ কৰ্মচাৰী আৰু অভিকৰ্তা(AGENT) সকলে বকো উপগ্ৰহীয় কাৰ্যালয়ৰ পৰা বকো আগছিয়ালৈ জীৱন বীমা সম্পৰ্কে এক সজাগতা বাইক ৰেলী উলিয়াই।
এই সজাগতামূলক বাইক ৰেলীত শতাধিক অভিকৰ্তাই অংশগ্ৰহণ কৰে। জীৱন বীমা সম্পৰ্কে অনুষ্ঠিত হোৱা সজাগতামূলক বাইক ৰেলী শুভাৰম্ভণি কৰে ভাৰতীয় জীৱন বীমা নিগমৰ বকো উপগ্ৰহীয় কাৰ্যালয়ৰ শাখা পৰিচালক মনোজ কুমাৰ কলিতাই।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/Z6WH1XE
via IFTTT
Comments
Post a Comment