খানাপাৰাত জব্দ বৃহৎ পৰিমাণৰ চোৰাং চাউল…

ডিজিটেল ডেস্ক : মহানগৰীত জব্দ বৃহৎ পৰিমাণৰ চৰকাৰী চাউল। নলবাৰীৰ পৰা শিলচৰলৈ সৰবৰাহৰ বাবে লৈ অহা হৈছিল ৪৮০ বেগ চাউল। খানাপাৰাত খাদ্য আৰু অসামৰিক বিভাগৰ অভিযানত উদ্ধাৰ হয় ট্ৰাক ভৰ্তি চাউলৰ বেগবোৰ। এই সন্দৰ্ভত, ট্ৰাক চালকক কৰা জেৰাত সমগ্ৰ ঘটনাত মধ্যভোগী জড়িত থকাৰ কথা পোহৰলৈ আহে। নলবাৰীৰ গণেশ মন্দিৰৰ পৰা অনা এই চাউলৰ বেগসমূহ শিলচৰলৈ লৈ গৈ থকা বুলিও স্বীকাৰ কৰে ট্ৰাক চালক জনে।
এই অভিযানে উদয় কৰিছে বহূ প্ৰশ্নৰ। কিদৰে চৰকাৰী চাউলৰ অবৈধ বেহা চলি থাকিব পাৰে ৰাজ্যত? খাদ্য বিভাগৰ হাতত মজূত নাথাকে নেকি জমা থকা খাদ্যৰ প্ৰকৃত পৰিমাণ? অবৈধভাৱে বিক্ৰী কৰিবলৈ কাৰ সহযোগত সংগ্ৰহ কৰা হ’ল চাউলৰ বেগবোৰ?
উল্লেখ্য যে, চলিত বৰ্ষতেই বানে গুৰুতৰভাৱে ক্ষতি কৰিছিল শিলচৰত। নষ্ট হৈ পৰিছিল সকলো খাদ্য সামগ্ৰী। তেনে স্থলত শিলচৰত চলি আছে নেকি খাদ্য সামগ্ৰীৰ এখন ক’লা বজাৰ? যদি চলি আছে তেন্তে চৰকাৰী সাহায্যই ঢুকি পোৱা নাই নেকি শিলচৰক?
আৰু পঢ়ক : পৌৰ এলেকাত সম্পত্তি কৰ বৃদ্ধিৰ সিদ্ধান্ত চৰকাৰৰ…
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/LAjpK2W
via IFTTT
Comments
Post a Comment