ডুমডুমীয়া বজাৰৰ পৰা ভুৱা চৰকাৰী পৰিচয় পত্ৰ বনোৱা দুই অপৰাধীক কৰায়ত্ত! উদ্ধাৰ আপত্তিজনক নথিপত্ৰ…

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ ৰাজ্যজুৰি ভুৱা আধাৰ কাৰ্ড আৰু পানকাৰ্ডৰ বিভিন্ন চক্ৰ উৎখাত হৈ থকাৰ সময়তে যোৱা নিশা বটদ্ৰৱা আৰক্ষী থানাৰ অন্তৰ্গত ডুমডুমীয়া বজাৰৰ পৰা ভুৱা আধাৰ কাৰ্ড, পানকাৰ্ড, ভোটাৰ আই ডি আদি বিভিন্ন চৰকাৰী নথিপত্ৰ বনোৱা দুটা অপৰাধীক কৰায়ত্ত কৰে বটদ্ৰৱা আৰক্ষীয়ে। স্থানীয় লোকৰ অভিযোগৰ পাছত গোপন সূত্ৰৰ পম খেদি বটদ্ৰৱা আৰক্ষীয়ে চলোৱা অভিযানত ডুমডুমীয়া বজাৰৰ এখন দোকানৰ পৰা নিশা আটক এই দুই অপৰাধীক। অপৰাধী দুটা ডুমডুমীয়া নিৱাসী মুস্তাফা আহমেদ আৰু নুৰজামাল গাজী। এই অপৰাধী চক্ৰটোৱে ডুমডুমীয়া বজাৰত থকা এখন দোকানৰ পৰা দীৰ্ঘদিন ধৰি ভুৱা আধাৰ কাৰ্ড, পানকাৰ্ড, ভোটাৰ কাৰ্ড আদি যোগান ধৰি বিভিন্ন অপৰাধীক যোগান ধৰি আহিছিল।
আটকাধীন অপৰাধী দুটাৰ পৰা ৯ খন ভুৱা পান কাৰ্ড, ১৬০ খন এপ্লিকেচন ফৰ্ম, ৬ টা মোবাইল হেণ্ডছেট, ৪ টা পেন ড্ৰাইভ, কম্পিউটাৰ আদি বিভিন্ন সামগ্ৰী জব্দ কৰে। কি উদ্দেশ্যত অপৰাধী দুটাই এই অবৈধ কামত লিপ্ত হৈছিল তাক লৈ নগাঁও আৰক্ষীয়ে বৰ্তমান জেৰা অব্যাহত ৰাখিছে।

আৰু পঢ়ক : অভাৰলোডেড বালিভৰ্তি ডাম্পাৰ এৰি দিয়াক কেন্দ্ৰ কৰি হোজাইত ৰাইজৰ ক্ষোভ…



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/uxA2ZBF
via IFTTT

Comments