পুৱাই হোটেল লেভানাত অগ্নিকাণ্ডঃ খিৰিকীৰে উদ্ধাৰ কৰা হৈছে আবদ্ধ লোকসকলক…

ডিজিটেল ডেস্কঃ আজি পুৱাই এক বিধ্বংসী অগ্নিকাণ্ড সংঘটিত হয় লক্ষ্ণৌৰ হজৰতগঞ্জৰ এখন হোটেলত। হোটেল লেভানাত সংঘটিত হোৱা এই অগ্নিকাণ্ডৰ পিছতে হোটেলখনত আবদ্ধ লোকসকলক উদ্ধাৰ অভিযান চলোৱা হৈছে। হোটেলখনৰ খিৰিকীৰে উলিয়াই অনা হৈছে আবদ্ধ হৈ থকা লোকসকলক।
হোটেলখনত অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ খবৰ পোৱাৰ পিছতে ঘটনাস্থলীত উপস্থিত হৈছে স্থানীয় অগ্নি নিৰ্বাপক বাহিনীৰ দল। দলটোৱে অগ্নি নিৰ্বাপনৰ চেষ্টা অব্যাহত ৰাখিছে। সমান্তৰালকৈ দুৰ্যোগপ্ৰশমন বিভাগৰ লোকো উপস্থিত হৈ আবদ্ধ লোকসকলক খিৰিকীৰে উদ্ধাৰ অভিযান চলাই।
ঘটনাস্থলীত কেইবাখনো এম্বুলেঞ্চ উপস্থিত আছে। নিৰাপত্তাৰক্ষীসকলে অগ্নিৰপৰা ৰক্ষা পাব পৰাকৈ সুৰক্ষামূলক সাজপাৰ পৰিধান কৰি হোটেলৰ ভিতৰত প্ৰৱেশ কৰিছে। হোটেলখনৰ কেইবাটাও কোঠালিৰ পৰা এতিয়াও ধোঁৱা ওলাই আছে। উদ্ধাৰকাৰীসকলে জখলা লগাই লোকসকলক খিৰিকীৰে বাহিৰলৈ উলিয়াই আনিছে।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/7GREXgT
via IFTTT
Comments
Post a Comment