২০২৫ চনৰ ভিতৰত বঙাইগাঁও শোধনাগাৰৰ উৎপাদন ক্ষমতা প্ৰায় দুগুণ বৃদ্ধি কৰা হব : ৰামেশ্বৰ তেলী

ডিজিটেল সংবাদ, চিৰাং : অহা ২০২৫ চনৰ ভিতৰত চিৰাং জিলাৰ ঢালিগাঁও স্থিত ভাৰতীয় তেল নিগমৰ অধীনস্থ বঙাইগাঁও শোধনাগাৰৰ বৰ্তমানৰ উৎপাদন ক্ষমতা ২.২৭ মিলিয়নৰ পৰা ৫ মিলিয়নলৈ বৃদ্ধি কৰা হব । বঙাইগাঁও শোধনাগাৰৰ এই উৎপাদন ক্ষমতা বৃদ্ধিৰ বাৱে ইতিমধ্যেই প্ৰাথমিক পৰ্যায়ত কাম আৰম্ভ হৈছেই । এই ঘোষণা ভাৰতৰ প্ৰেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীৰ । দেওবাৰ নিশা বঙাইগাঁও শোধনাগাৰ উপনগৰীৰ মানাস অতিথিশালাত বঙাইগাঁও শোধনাগাৰৰ মুখ্য মহাপ্ৰৱন্ধক নয়ন কুমাৰ বৰুৱা সহ অন্যান্য বিভাগৰ মহাপ্ৰৱন্ধক সকলৰ লগতে চিৰাং জিলা উপায়ুক্ত পি, বিজয় ভাস্কৰ ৰেড্ডীৰ সৈতে এক গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হৈ সংবাদ মাধ্যমৰ আগত এই ঘোষণা কৰে কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰীজনে । বঙাইগাঁও শোধনাগাৰৰ পৰিসৰ বৃদ্ধিৰ কাৰণে প্ৰায় ১২০০ বিঘা ভূমিৰ প্ৰয়োজন হব । এই ১২০০ বিঘা ভূমি অধিগ্ৰহণৰ বাবে ইতিমধ্যেই ৰাজহচক্ৰ বিষয়া কাৰ্যালয়ৰ জৰিয়তে প্ৰাথমিক স্তৰত জৰিপৰ কাম আৰম্ভ কৰা হৈছে ।
এই সন্দৰ্ভত বিটিচি প্ৰশাসনৰ মুৰব্বীৰ প্ৰমোদ বড়োৰ সৈতে আলোচনা কৰা হৈছে আৰু এই ভূমি অধিগ্ৰহণৰ বাবে চিৰাং জিলা প্ৰশাসনক যাৱতীয় কামকাজ কৰাৰ বাবে নিৰ্দেশ জাৰি কৰা হৈছে । ভূমি অধিগ্ৰহণ কাম যধেমধে কৰা নহব ! সকলো পক্ষৰ সৈতে আলোচনা কৰি কৰা হব ! প্ৰকৃত ভূমিৰ গৰাকীক কোম্পানী ফালৰ পৰা উপযুক্ত মাননি দিয়া কথা উল্লেখ কৰে । এই অঞ্চলৰ উন্নয়নৰ স্বাৰ্থত ভূমি অধিগ্ৰহণৰ সময়ত যাতে কোনোধৰণৰ বেমেজালিৰ সৃষ্টি নহয় তাৰ বাবে এই অঞ্চলৰ ৰাইজৰ লগতে সকলো দল সংগঠনৰ আগবাঢ়ি আহিবলৈ আহ্বান জনাই মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে।
তেখেতে উল্লেখ কৰে যে যদি বঙাইগাঁও শোধনাগাৰৰ উৎপাদন ক্ষমতা বৃদ্ধি হয় তেনেহলে এই অঞ্চলৰে উন্নয়ন হব । আগত যদি ১০০০ হেজাৰ ট্ৰাক বা টেঙ্কাৰে তেল, গেছ কঢ়িয়াই নিছিল, উৎপাদন বৃদ্ধিৰ হোৱাৰ লগে লগে ২০০০ ট্ৰাক-টেঙ্কাৰে তেল,গেছ কঢ়িয়াব । লগতে আৰু নতুন নতুন কৰ্মসংস্থানৰ সৃষ্টি হব ।ক্ষমতা বৃদ্ধি পালে বঙাইগাঁও শোধনাগাৰৰ ঔদ্যোগিক সামাজিক দায়বদ্ধতাৰ নামত আবণ্টিত ধনৰ পৰিমাণ বৃদ্ধি পাব যাৰ লাভ এই অঞ্চলৰ ৰাইজে পাব বুলি মন্তব্য কৰে ।
আৰু পঢ়ক : সমগ্ৰ দেশত শিক্ষক দিৱসৰ আয়োজন, বিভিন্ন প্ৰান্তত সন্মানিত কৰা হ’ব কৃতী শিক্ষকসকলক…
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/YIuNkBf
via IFTTT
Comments
Post a Comment