ঘিলামৰাৰ অঞ্জনা কোঁচলৈ ৰাজ্যিক কৃতী শিক্ষক বঁটা…

ডিজিটেল সংবাদ, ঢকুৱাখনা : বৰদলনি শিক্ষা খণ্ডৰ অন্তৰ্গত ঘিলামৰা আদৰ্শ প্ৰাথমিক নিম্ন বুনিয়াদী বিদ্যালয়ৰ প্ৰধান শিক্ষক হিচাপে কৰ্মৰত অঞ্জনা কোঁচলৈ ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে আগবঢ়াইছে ২০২২ বর্ষৰ ৰাজ্যিক কৃতি শিক্ষকৰ বঁটা ।

শনিবাৰে শিক্ষা বিভাগে ঘোষণা কৰা এই শুভ সংবাদে স্বাভাৱিকতে উল্লসিত কৰি তুলিছে ঘিলামৰাবাসীৰ লগতে বিদ্যালয় পৰিয়ালক। চৰকাৰী খণ্ডৰ আনুষ্ঠানিক প্ৰাথমিক শিক্ষাৰ পস্বাদগামীতাৰ বিপৰীতে ঘিলামৰা সদৰত ১৯৬৪ চনতে প্ৰতিষ্ঠা লাভ কৰা প্ৰাথমিক বিদ্যালয়খনৰ প্ৰায় ৯০০ গৰাকী শিক্ষাৰ্থীৰে  কেৱল জিলা খনৰে নহয় ৰাজ্যৰ প্ৰাথমিক শিক্ষা খণ্ডত এক ব্যতিক্ৰমী  আদৰ্শ দাঙি ধৰি বিদ্যালয়খনক সফলতা অৰ্জনৰ দিশে গতি কৰাবলৈ সক্ষম হৈছে এইগৰাকী প্ৰধান শিক্ষয়িত্ৰীয়ে। 

১৯৮৭ চনৰ ৩ মাৰ্চত  সহকাৰী শিক্ষক হিচাপে বিদ্যালয়খনত কৰ্মজীৱনৰ পাতনি মেলা কোঁচে  ২০১৯ চনত  বিদ্যালয় প্ৰধানৰ গুৰু দায়িত্ব গ্ৰহণ কৰে। গুণগত শিক্ষা দান, উৎকৃষ্ট মানৱ সৃষ্টিৰ লগতে শিক্ষাৰ্থীৰ বৌদ্ধিক, মানসিক বিকাশৰ পূৰ্বজ ধাৰাবাহিকতা  আৰু গৰিমা অক্ষুন্ন ৰখাত তিলমানো কৃপনালী নকৰি বৰঞ্চ বাস্তৱিকতে এখন আদৰ্শ বিদ্যালয়লৈ ৰূপান্তৰিত কৰিবলৈ সক্ষম হোৱা কোঁচক ৰাজ্যিক ভিত্তিত ২০২২ বৰ্ষৰ কৃতি শিক্ষকৰ বঁটাৰে বিভূষিত কৰাত আনন্দৰ বন্যা প্ৰবাহিত হৈছে সমগ্ৰ ঘিলামৰাত । 

ঘিলামৰাৰ গৰিমামণ্ডিত শৈক্ষিক ক্ষেত্ৰখনক নব্য গতিশীলতা আনিবলৈ সক্ষম হোৱা  সমাজ দায়বদ্ধ শিক্ষক কোঁচলৈ আগবঢ়োৱা এই ৰাজ্যিক স্তৰৰ স্বীকৃতিত প্ৰধান  শিক্ষক গৰাকীৰ পৰিয়াল বৰ্গ, আত্মীয় স্বজন,  গুণগ্ৰাহী সমাজ , বিদ্যালয় পৰিচালনা সমিতি, অভিভাৱক সমিতি, মাতৃ গোট, ঢকুৱাখনা জিলা প্ৰাথমিক শিক্ষক সন্মিলনী, ঢকুৱাখনা জিলা কৰ্মচাৰী পৰিষদৰ সম্পাদক অতুল চুতীয়া, ঘিলামৰাৰ ইংগিত, ইংগিত ঘিলামৰা শাখা নাট্য সন্মিলন, ঘিলামৰা প্ৰেছ ক্লাব আদিয়ে শিক্ষয়িত্ৰী গৰাকীক অভিনন্দল জনাইছে । 

শিক্ষকতাৰ সমান্তৰালভাৱে সাহিত্য ক্ষেত্ৰখনলৈকো মেটমৰা অৱদান আগবঢ়াই যোৱা কোঁচে অষ্টগামী সূৰ্য ( চুটি গল্প), আখৰ শিকো আহা ( প্ৰসঙ্গ পুথি) আৰু “আমি কিহৰ বাবে বিদ্যালয়লৈ যাব লাগে ” নামৰ তিনিখন মনোজ্ঞ গ্ৰন্থ ইতিমধ্যে প্ৰকাশ কৰি পাঠকৰ সমাদৰ লাভ কৰিবলৈ সমৰ্থ হৈছে। 

মিলন নগৰ নিবাসী পুলক গগৈৰ সহধৰ্মীনি তথা এগৰাকী কন্যাৰ মাতৃ কোঁচক সোমবাৰে শিক্ষক দিৱস উপলক্ষত কলাক্ষেত্ৰত কেন্দ্ৰীয় ভাবে আয়োজিত অনুষ্ঠানত এই ৰাজ্যিক কৃতি শিক্ষকৰ বঁটাৰে বিভূষিত কৰা হ’ব।



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/Cr1UuHz
via IFTTT

Comments