বকোত অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষকক বিদায় সম্বৰ্ধনা

ডিজিটেল সংবাদ,বকো ,: কামৰূপ জিলাৰ বকোত বৃহস্পতিবাৰে এগৰাকী অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষকক বিদায় সম্বৰ্ধনা জনোৱা হয় । জানিবপৰা মতে বকো প্ৰাথমিক শিক্ষাখণ্ডৰ অন্তৰ্গত পূৱ টুৰুকপাৰা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ভৱকান্ত বড়োৱে কালি চাকৰিৰ পৰা অৱসৰগ্ৰহণ কৰে ।
আজি শিক্ষকগৰাকীক ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰীক,বিদ্যালয় পৰিচালনা সমিতি আৰু গঞা ৰাইজে তেখেতক বিদায় সম্বৰ্ধনা জনায়। পূৱ টুৰুকপাৰা প্ৰাথমিক বিদ্যালয়ত আজি আয়োজন কৰা বিদায় সম্বৰ্ধনা সভাত সভাপতিত্ব কৰে পূৱ টুৰুকপাৰা গঞা ৰাইজৰ সভাপতি ধৰ্মকান্ত বড়োৱে। সভাখনত অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ভৱকান্ত বড়োক ছাত্ৰ-ছাত্ৰী, পৰিচালনা সমিতি, মাতৃগোট আৰু গঞা ৰাইজে সম্বৰ্ধনাপত্ৰ, জাপি, শৰাই, বিহুৱান, আৰনাই, কাম্বাং আদিৰে সম্বৰ্ধনা জনায়।
শিক্ষকগৰাকীক শেষত ছাত্ৰ-ছাত্ৰী সম্বনিতে ৰাইজে তেখেতৰ শোলামুখৰ বাসগৃহত থৈ আহে । উল্লেখযোগ্য যে ভৱকান্ত বড়োৱে ১৯ ৮৫ চনৰ ২২মাৰ্চত শোলামুখ প্ৰাথমিক বিদ্যালয়ত চাকৰি জীৱন আৰম্ভ কৰি কালি অৰ্থাৎ ৩১ আগষ্টত চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰে । সুদীৰ্ঘ চাকৰি কালত পাঠদানৰ উপৰিও শিক্ষক কেন্দ্ৰ সভাৰ সম্পাদক আৰু মণ্ডল শিক্ষক সন্মিলনীৰ সভাপতিৰ আসন অলংকৃত কৰে ।
আজিৰ বিদায় সম্বৰ্ধনা অনুষ্ঠানত ৰাজ্যিক বঁটা প্ৰাপ্ত অৱসৰপ্ৰাপ্ত শিক্ষক সত্যজিৎ ৰাভা, উত্তৰ বকো শিক্ষক কেন্দ্ৰৰ শিক্ষক পূৰ্ণ বড়ো, বেনুধৰ ৰাভা, চামছুল হক, বনফুলি মেধী, দক্ষিণ বকো শিক্ষক কেন্দ্ৰৰ শিক্ষক উদয় বসুমতাৰী, স্বাধীন বড়ো, অৱসৰপ্ৰাপ্ত শিক্ষক আব্দুল হাফিজ, বিদ্যালয়খনৰ শিক্ষক কাবেৰী দাস, পংকজ ঠাকুৰীয়া আদিকে ধৰি বিশিষ্ট লোকে অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ভৱকান্ত বড়োক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰে ।
আৰু পঢ়ক: মঙলদৈত ভয়ংকৰ পথ দুৰ্ঘটনা! বাইকেৰে খুন্দা মাৰিলে ট্ৰাকত …
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/GqmlDpj
via IFTTT
Comments
Post a Comment