কবিতা/৩৯ এখন অৰণ্যৰ গাঁও…

-মিলন মহন্ত

শুকান বালিত

ঘাম আৰু পানীৰ

এখন অৰণ্য

অৰণ্যৰে গঢ়ে সেউজীয়া

শিপা বিচাৰি সভ্যতাৰ

অৰণ্য তেওঁৰ শৈশৱৰ সপোন

অৰণ্য তেওঁৰ ল’ৰালিৰ গাঁও

অৰণ্য তেওঁৰ বিশ্ব সভ্যতা-সংস্কৃতি

অৰণ্যৰ চৰাই-চিৰিকটিয়ে

তেওঁৰ গান গায়

মন-প্ৰাণ জুৰায়

অৰণ্যৰ গছবোৰে সেউজীয়া বিলায়

অৰণ্য তেওঁৰ প্ৰেমৰ নৈ

কুলু-কুলু সুৰেৰে বয়

সুখৰ নিজৰা

এখন সুখৰ অৰণ্য তেওঁৰ প্ৰাণ

এখন ভোকৰ অৰণ্য তেওঁৰ আয়ুস

ৰজাৰ অৰণ্যত দুৱৰি 

তেওঁৰ অৰণ্যত

মানুহ আৰু জীৱৰ আজীৱন সম্বন্ধ

তেওঁ অৰণ্যৰ গান গায়

মানুহৰ বুকুৱে সাৱতি লয়

অৰণ্যৰ পানী আৰু নৈ

অৰণ্যৰ ঘাঁহ-বন

চৰাই-চিৰিকটি

বিদেশলৈ গ’ল

বিদেশতো ৰোপণ কৰিব

এখন অৰণ্যৰ গাঁও

আকাশৰ তৰাবোৰ

নামি আহি গা ধুব অৰণ্যৰ নৈত

মলাই হাবি

তেওঁৰ ঘৰুৱা অৰণ্য

আৰু গাঁৱলীয়া এটি নাম

অৰণ্য তেওঁৰ শৈশৱৰ সপোন

অৰণ্য তেওঁৰ ল’ৰালিৰ গাঁও

অৰণ্য তেওঁৰ বিশ্ব সভ্যতা-সংস্কৃতি

বিদেশতো তেওঁ ৰোপণ কৰিব

এখন অৰণ্যৰ গাঁও !



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/8UZjHwN
via IFTTT

Comments