শিক্ষক ব্ৰজেন চাংমাইলৈ জিলা কৃতী শিক্ষকৰ বঁটা…

ডিজিটেল সংবাদ, চৰাইদেউঃ ৫ ছেপ্টেম্বৰ শিক্ষক দিৱস। ড০ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জন্মদিনটো দেশজুৰি শিক্ষক দিৱস হিচাপে পালন কৰা হয়। এই শিক্ষক দিৱসৰ দিনাই কৃতী শিক্ষক বঁটা প্ৰদান কৰি অহা হৈছে।

চৰাইদেউ জিলাৰ মথুৰাপুৰ আমগুৰি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ব্ৰজেন চাংমাইয়ে ২০২২ বৰ্ষৰ কৃতী শিক্ষক বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। অহা ৫ ছেপ্টেম্বৰত অৰ্থাৎ সোমবাৰে ৬১ সংখ্যক শিক্ষক দিৱসত জিলা প্ৰশাসন আৰু শিক্ষা বিভাগৰ উদ্যোগত অনুষ্ঠিত শিক্ষক দিৱসৰ কাৰ্যসূচীত এই বঁটা প্ৰদান কৰা হ’ব।

চাংমাইয়ে জিলা কৃতী শিক্ষকৰ বঁটা লাভ কৰি সুনাম কঢ়িয়াই অনাত মথুৰাপুৰৰ ৰাইজৰ লগতে বিদ্যালয়ৰ শিক্ষক, ছাত্ৰ-ছাত্ৰী উৎফুল্লিত হৈ পৰা দেখা গৈছে।



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/c0ZL7n4
via IFTTT

Comments