ড্ৰেগনৰ দেশত ভূমিকম্প, ৬.৮ ৰিখটাৰ স্কেলৰ ভূমিকম্পই জোকাৰি গ’ল দেশখনক…

ডিজিটেল ডেস্ক : সোমবাৰে চীনৰ চিচুৱান প্ৰদেশক জোকাৰি গ’ল ৬.৮ ৰিখটাৰ স্কেলৰ ভূমিকম্পই। যাৰ ফলত মৃত্যু হয় ৪৬জন লোকৰ আৰু ৫০ হেজাৰতকৈও অধিক লোকক স্থানান্তৰ কৰিব লগীয়া হয়। এই ভূমিকম্পৰ বাবে চেংডু প্ৰদেশতো পৰিলক্ষিত হয় ভূমিস্খলনৰ। চেংডু প্ৰদেশৰ ২১ মিলিয়ন নাগৰিক ইতিমধ্যেই কোভিড-১৯ ৰ বাবে গৃহবন্দী অৱস্থাত আছিল।
সোমবাৰে আবেলি চিচুৱান প্ৰদেশৰ কাষৰীয়া পাৰ্বত্য এলেকাত অহা এই ভূমিকম্পটো তিবেটিয়ান টেক্তোনিক প্লেটৰ বাবে সৃষ্টি হোৱা বুলি জানিব পৰা গৈছে। ভূমিকম্পৰ কেন্দ্ৰস্থলৰ পৰা প্ৰায় ২০০ কিলোমিটাৰ আতৰলৈ ইয়াৰ প্ৰভাৱ পৰা বুলিও জানিবলৈ দিছে চীনৰ চৰকাৰী বিষয়াই।
উল্লেখ্য যে, ইয়াৰ পূৰ্বে ২০০৮ চনত চীনত ৭.৯ ৰিখটাৰ স্কেলৰ ভূমিকম্পত মৃত্যুবৰণ কৰিছিল ৯০ হাজাৰ লোকৰ।
আৰু পঢ়ক : নকল টকা, নকল সোণ সহ চাৰিজনক গ্ৰেপ্তাৰ…
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/CvyUBRK
via IFTTT
Comments
Post a Comment