মূল্য বৃদ্ধিৰ বিৰুদ্ধে দিল্লীত কংগ্রেছৰ হাল্লাবোল…

ডিজিটেল ডেস্ক : মূল্য বৃদ্ধিৰ বিৰুদ্ধে দিল্লীত দেওবাৰে কংগ্রেছৰ হাল্লাবোল। কেন্দ্রীয় চৰকাৰৰ বিৰুদ্ধে প্রতিবাদ সাব্যস্ত কৰিব কংগ্রেছে। দেশৰ বিভিন্ন প্রান্তৰ পৰা কংগ্রেছৰ নেতা-কৰ্মী সমবেত হৈছে দিল্লীত।
কংগ্ৰেছে দিল্লীৰ ৰামলীলা ময়দানত মূল্যবৃদ্ধি, নিবনুৱা আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ ওপৰত জিএছটি বৃদ্ধিক লৈ নৰেন্দ্ৰ মোডী চৰকাৰৰ বিৰুদ্ধে এক বৃহৎ প্ৰতিবাদ সাব্যস্ত কৰিবলৈ সাজু হৈছে।
দলৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধী আৰু অন্যান্য নেতাসকলে ‘মেহাঙ্গাই পৰ হাল্লা বোল’ ৰেলী উলিয়াই ৰামলীলা ময়দানত এই প্ৰতিবাদ সাব্যস্ত কৰিব। দিল্লী, হাৰিয়ানা আৰু উত্তৰ প্ৰদেশৰ দলীয় কৰ্মীসকলৰ লগতে দেশৰ অন্যান্য প্ৰান্তৰ কৰ্মীসকলেও প্ৰতিবাদত অংশগ্ৰহণ কৰিব।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/LBk1drI
via IFTTT
Comments
Post a Comment