INS Vikrant: প্ৰধানমন্ত্ৰী মোডীয়ে ভাৰতীয় নৌ সেনাক অৰ্পন কৰিলে সৰ্বশক্তি মান যুদ্ধ জাহাজ…

ডিজিটেল ডেস্ক: দেশে আজি ২ ছেপ্টেম্বৰত লাভ কৰিলে দেশৰ প্ৰথমখন পৰিবাহী স্বদেশী যুদ্ধ জাহাজ সৰ্বশক্তিমান INS VIKRANT । এবছৰৰ পৰীক্ষণৰ পিছত প্ৰধানমন্ত্ৰী মোডীয়ে আজি নৌসেনাক অৰ্পন কৰিলে আই এন এছ বিক্ৰান্ত। ২০ হাজাৰ কোটি টকাৰ ব্যয়ত প্ৰস্তুত হোৱা আই.এন.এছ. বিক্ৰান্ত অত্যাধুনিক সুবিধাৰে সজ্জিত। ই এতিয়ালৈকে ভাৰতৰ সামুদ্ৰিক ইতিহাসৰ সৰ্ববৃহৎ জাহাজ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কোচিন শিপইয়ৰ্ডত এই জাহাজখন মুকলি কৰে।
ভাৰতত নিৰ্মাণ হোৱা সৰ্ববৃহৎ যুদ্ধ জাহাজ আইএনএছ বিক্ৰান্ত ২৬২ মিটাৰ দীঘল আৰু ৬২ মিটাৰ বহল। ভাৰত-প্ৰশান্ত মহাসাগৰ আৰু ভাৰত মহাসাগৰ অঞ্চলত শান্তি আৰু স্থিৰতা নিশ্চিত কৰাত আইএনএছ বিক্ৰান্তে অৰিহণা যোগাব। আই.এন.এছ. বিক্ৰান্তৰ গ্ৰাউণ্ডিং পৰীক্ষণ নৱেম্বৰত আৰম্ভ হ’ব আৰু ২০২৩ চনৰ মাজভাগত সম্পূৰ্ণ হ’ব।
আৰু পঢ়ক: মঙলদৈত ভয়ংকৰ পথ দুৰ্ঘটনা! বাইকেৰে খুন্দা মাৰিলে ট্ৰাকত …
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/WwoTedc
via IFTTT
Comments
Post a Comment