ৰাজ্যপালে সংবিধানৰ চৰ্ত উলংঘা কৰিছে : সাংসদ বিশ্বজিৎ দৈমাৰীৰ বিস্ফোৰণ

বিটিচিত হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন শাসকীয় পৰিষদখনৰ পাঁচ বছৰীয়া শাসনকালৰ যৱনিকাৰে বিটিচিক ৰাজ্যপালৰ শাসনৰ আওতাত নিয়াকলৈ বড়োভূমিত বিজেপিৰে মিত্ৰ দল বিপিএফ দলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷

বিটিচিত ৰাজ্যপালৰ শাসন প্ৰৱৰ্তন কৰাৰ বিৰুদ্ধে বৃহস্পতিবাৰে কোকৰাঝাৰত গুজৰি উঠে বিপিএফ দলৰ শীৰ্ষ নেতা তথা ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীয়ে।

দৈমাৰীয়ে সংবাদমেলযোগে সংবিধানৰ ষষ্ঠ অনুসুচীৰ সংশোধনীৰে গঠিত হোৱা বিটিচিক ৰাজ্যপালে সংবিধানৰ চৰ্তক উলংঘা কৰি ৰাজ্যপালৰ আওতাত নিয়া বুলি প্ৰতিক্ৰিয়া ব্যক্ত কৰে ৷

তেওঁ সংবাদমেলত ৰাজ্যপালৰ এনে কাৰ্যই বিটিচিৰ দৰে সংবিধানত ষষ্ঠ অনুসূচীৰ অন্তৰ্গত কাৰ্বি আলং,মিজোৰাম,ত্ৰিপুৰা,ডিমাহাচাও আৰু মেঘালয়ক শংকিত কৰি তোলা বুলি আক্ষেপ ব্যক্ত কৰে ৷

ৰাজ্যপালৰ এনে পদক্ষেপে ষষ্ঠ অনুসুচীৰ এলেকাবোৰত সুৰক্ষাৰ প্ৰতি ভাবুকি অনা বুলি কয় দৈমাৰীয়ে ৷

দৈমাৰীয়ে কয় যে ৰাজ্যপালে জৰুৰী বা অস্থিৰ পৰিবেশ আহিলেহে ৰাজ্যপালৰ শাসন দিব পাৰে, কিন্তু দেশজুৰি কোভিড-১৯ ৰ বাবে বিটিচিৰ নিৰ্বাচন স্থগিত হব লগা হ’ল। ইয়াত বিটিচিত চৰকাৰে চলোৱা অৰাজকতাৰ প্ৰশ্নই অহা নাই যিহেতু পৰিষদৰ কাৰ্যকাল এবছৰ বৃদ্ধি কৰা আৰু প্ৰয়োজন হ’লে আকৌ ৬ মাহ বৃদ্ধি কৰিৱ পাৰে ৷

এইক্ষেত্ৰত সংবিধানৰ ১৬(২) দফাত সন্নিবিষ্ট থকা তথ্যও প্ৰকাশ কৰে সাংসদ গৰাকীয়ে।

The post ৰাজ্যপালে সংবিধানৰ চৰ্ত উলংঘা কৰিছে : সাংসদ বিশ্বজিৎ দৈমাৰীৰ বিস্ফোৰণ appeared first on NORTHEAST NOW (Assamese).



from NORTHEAST NOW (Assamese) https://ift.tt/2W9uC5i
via IFTTT

Comments