চতুৰ্থ পৰ্যায়ৰ লকডাউনৰ শেষৰ দিনটোত পূৰ্বৰ সকলো ৰেকৰ্ড ভংগ কৰিলে কোৰোনাই…

ডিজিটেল ডেস্কঃ ভাৰতত ২৪ ঘন্টাত কোৰোনাত আক্ৰান্তৰ সংখ্যাই পুনৰ ৰেকৰ্ড ভংগ কৰিলে। পূৰ্বৰ সকলো ৰেকৰ্ড ভংগ কৰি বিগত ২৪ ঘন্টাত ভাৰতত কোৰোনাত আক্ৰান্ত হ’ল ৮৩৭৯গৰাকী লোক। ইয়াৰ বিপৰীতে এই সময়চোৱাত কোৰোনাই প্ৰাণ ল’লে ১৯৩গৰাকী লোকৰ। এই বৰ্দ্ধিত সংখ্যাৰ সৈতে ভাৰতত কোৰোনাত আক্ৰান্তৰ সংখ্যা ১লাখ ৮২হাজাৰ ১৪২লৈ বৃদ্ধি পালে।

কেন্দ্ৰীয় স্বাস্থ্য তথা পৰিয়াল কল্যাণ মন্ত্ৰণালয়ে সদৰি কৰা অনুসৰি, ভাৰতত বৰ্তমান চিকিৎসাধীন অৱস্থাত আছে প্ৰায় ৯০হাজাৰ লোক আৰু মৃত্যু হৈছে ৫১৬৪গৰাকী লোক। আশাৰ খবৰটো হ’ল যে, ভাৰতত বৰ্তমানলৈ প্ৰায় ৮৭হাজাৰ লোক কোৰোনা মুক্ত হৈছে।

The post চতুৰ্থ পৰ্যায়ৰ লকডাউনৰ শেষৰ দিনটোত পূৰ্বৰ সকলো ৰেকৰ্ড ভংগ কৰিলে কোৰোনাই… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2yNem2a
via IFTTT

Comments