আমেৰিকাই ৰচিলে ইতিহাস; পৃথিৱীৰ পৰা মহাকাশলৈ মানৱ অভিযানৰ সফল যাত্ৰা

আমেৰিকাৰ মহাকাশ সংস্থা নাছাই ব্যক্তিগত কোম্পানী SpaceXৰ ড্ৰেগন স্পেচ ক্ৰাফ্টে দুগৰাকী মহাকাশচাৰীক ইন্টাৰনেশ্যনেল স্পেচ ষ্টেশ্যনলৈ সফলতাৰে প্ৰেৰণ কৰে।

ড্ৰেগন স্পেচ ক্ৰাফ্টৰ জৰিয়তে দুগৰাকী মহাকাশচাৰী ৰবাৰ্ট বেহেনকেন আৰু ডগলছ হাৰ্লে ইন্টাৰনেশ্যনেল স্পেচ ষ্টেশ্যনলৈ ৰাওনা হয়।

আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পে ইয়াৰ সফল উৎক্ষেপনৰ পাছত কয় যে স্পেচ এক্সৰ ড্ৰেগন কেপছুল সফলতাৰে পৃথিৱীৰ পৰা গৈ পাইছে আৰু দুয়োগৰাকী মহাকাশ যাত্ৰী সুৰক্ষিত আৰু সুস্থ আছে।

এয়া আমেৰিকাৰ মহৎ আকাংক্ষাৰ এক নতুন যুগ আৰম্ভ হোৱা বুলিও তেওঁ কয়।

Space Xৰ Falcon 9 ৰকেটেৰে ২৭ মে’ত মহাকাশচাৰীক ফ্ল’ৰিডাৰ স্পেচ চেন্টাৰৰ পৰা ইন্টাৰনেশ্যনেল স্পেচ চেন্টাৰলৈ পঠিওৱাৰ কথা আছিল।

কিন্তু বতৰ বেয়া থকাৰ বাবে সেই যাত্ৰা বন্ধ কৰি ’শনিবাৰে Falcon 9ৰ এই যাত্ৰা মুকলি কৰা হয়।

আনহাতে, Space Xৰ এখন ষ্টাৰশ্বিপ ৰকেটৰ শুকুৰবাৰে পৰীক্ষাৰ সময়ত বিস্ফোৰণ ঘটিছিল।

এবছৰৰ ভিতৰতে এইটো চতুৰ্থবাৰৰ বাবে Space Xৰ ষ্টাৰশ্বিপ প্ৰট’টাইপ দুৰ্ঘটনাৰ সন্মুখীন হোৱাৰ ঘটনা আছিল।

উল্লেখযোগ্য যে Space X প্ৰথম ব্যক্তিগত কোম্পানী যাৰ Falcon 9 ৰকেটেৰে মানুহক মহাকাশলৈ প্ৰেৰণ কৰা হয়।

শুকুৰবাৰে আমেৰিকাৰ টেক্সাছত ষ্টাৰশ্বিপ ৰকেটৰ প্ৰট’টাইপ পৰীক্ষাৰ সময়ত ইঞ্জিন ষ্টাৰ্ট কৰাৰ পাছতে প্ৰথমতে ধোৱা ওলাইছিল আৰু তাৰ পাছতে বিস্ফোৰণ ঘটিছিল।

Space X কোম্পানীৰ ষ্টাৰশ্বিপ ৰকেটকলৈ বহুত আশা আছে। এই ৰকেটৰ দৈৰ্ঘ ৩৯৪ ফুট আৰু ইয়াৰ নেক্সট জেনেৰেশ্যন ৰকেট বুলিও কোৱা হয়।

কোম্পানীটোৰ ষ্টাৰশ্বিপৰ জৰিয়তে চন্দ্ৰ আৰু মঙললৈ মানুহ আৰু লগতে ১০০টন সামগ্ৰী পঠিওৱাৰ পৰিকল্পনা আছে।

Space Xৰ মুৰব্বী এলন মস্কৰ ষ্টাৰশ্বিপ ৰকেটৰ জৰিয়তে সুলভ মহাকাশ যাত্ৰাৰ পৰিকল্পনা আছে।

The post আমেৰিকাই ৰচিলে ইতিহাস; পৃথিৱীৰ পৰা মহাকাশলৈ মানৱ অভিযানৰ সফল যাত্ৰা appeared first on NORTHEAST NOW (Assamese).



from NORTHEAST NOW (Assamese) https://ift.tt/3dhcHB6
via IFTTT

Comments