নাগালেণ্ডত কোৰোনাত আক্ৰান্তৰ সংখ্যা ৪৩ গৰাকীলৈ বৃদ্ধি…


ডিজিটেল সংবাদ, ৱাখাঃ নাগালেণ্ডত ক্ৰমাৎ ভয়ংকৰ ৰূপত বৃদ্ধি পাইছে কোৰোনাৰ আক্ৰান্তৰ সংখ্যা । চেন্নাইৰ পৰা শ্ৰমিক ৰে’লেৰে উভতা ৯২ গৰাকী লোকক শনিবাৰে ক’ভিডৰ পৰীক্ষা কৰা হৈছিল। ইয়াৰে পুনৰ ৭ জনলোকৰ শৰীৰত পজিটিভ ফলাফল পোৱা যায় ।

আক্ৰান্তৰসকলৰ ভিতৰত ক’হিমাৰ ৪ গৰাকী আৰু ডিমাপুৰৰ ৩ গৰাকী লোক আছে । এই কথা টুইটাৰ যোগে সদৰী কৰিছে নাগালেণ্ডৰ স্বাস্থ্যমন্ত্ৰী পাংনিউ ফমে । শনিবাৰে ৭ গৰাকীলোক নতুনকৈ কোৰোনাৰ আক্ৰান্তৰ পিছত নাগালেণ্ডত বৰ্তমান কভিড ৰোগীৰ সংখ্যা ৪৩ গৰাকীলৈ বৃদ্ধি পালে । ই

য়াৰে ডিমাপুৰৰ ২৫ ক’হিমাৰ ১৩ আৰু টুৱেনচাঙৰ ৫ গৰাকী । এই আটাই কেইগৰাকী কোৰোনাৰ আক্ৰান্তক ডিমাপুৰৰ আৰু কহিমাৰ কভিড চিকিৎসালয়ত চিকিৎসা কৰি থকা হৈছে ।

The post নাগালেণ্ডত কোৰোনাত আক্ৰান্তৰ সংখ্যা ৪৩ গৰাকীলৈ বৃদ্ধি… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2XfvUNU
via IFTTT

Comments