ব্ৰহ্মপুত্ৰৰ প্ৰৱল গৰাখহনীয়াত নি:চিহ্ন হোৱাৰ উপক্ৰম বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্যৰ অন্তিম ৰক্ষা কৱচ স্বৰূপ ধনীয়া গাওঁ

সম্প্ৰতি এক আতংকময় পৰিস্থিতিয়ে বিৰাজ কৰিছে চামগুৰি সমষ্টিৰ সীমান্তৱৰ্ত্তী বৃহত্তৰ বুঢ়াচাপৰি গাওঁ খনত। তদুপৰি, গাওঁ খনৰ একমাত্ৰ ধনীয়া প্ৰাৰ্থমিক বিদ্যালয় খনলৈও নামি আহিছে সংকট।

বুঢ়াচাপৰিৰ নৈ পৰীয়া ধনীয়াগাঁৱৰ বৃহত্তৰ অঞ্চলটোত পুনৰ এই বছৰো ব্ৰহ্মপুত্ৰৰ প্ৰৱল গৰাখহনীয়াই ব্যাপক ৰূপ ধাৰণ কৰিছে।

গাঁৱখনৰ একমাত্ৰ প্ৰাৰ্থমিক বিদ্যালয় খন মহাবাহুৰ বুকত উচন হোৱাৰ উপক্ৰম হোৱাত এতিয়া গাঁৱৰ ৰাইজে বিদ্যালয় খন নিজ হাতেৰে ভাঙি-ছিঙি আন ঠাইলৈ স্থানান্তৰিত কৰাৰ চেষ্টা কৰিছে।

এতিয়া খৰস্বোতা ব্ৰহ্মপুত্ৰৰ নিচেই দাঁতিতে নিৰবে ঠিয়হৈ আছে বিদ্যালয় খনৰ কেৱল পকী অৱয়বটোহে।

উল্লেখযোগ্য যে, বিগত কেইবাবছৰো ধৰি অব্যাহত থকা ব্ৰহ্মপুত্ৰৰ প্ৰৱল গৰাখহনীয়াৰ ফলত বৃহত্তৰ বুঢ়াচাপৰি অঞ্চলটোত কেইবাখনো গাঁৱৰ লগতে নৈ বুকুত জাহ গৈছিল বহু সংখ্যক পৰিয়ালৰ ঘৰ-বাৰী-বিদ্যালয় তথা বহুবোৰ ৰাজহুৱা অনুষ্ঠান-প্ৰতিষ্ঠান।

এইবেলি বছৰৰ প্ৰথমটো বাৰিষাতে পুনৰ আৰম্ভ হোৱা ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ বাবে এতিয়া চৰম ভাবুকি আহি পৰিছে ধনীয়াগাঁৱৰ বাকী থাকি যোৱা বহু সংখ্যক গো-পালক তথা কৃষিজীৱি পৰিয়াল সমূহলৈ।

কেৱল ইমানেই নহয় বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্যৰ অন্তিম ৰক্ষা কৱচ স্বৰূপ ধনীয়াগাওঁ খন সমুলঞ্চে উচন হ’লে চৰম ভাবুকি আহি পৰিব বন্যপ্ৰাণী অভয়াৰণ্য খনলৈয়ো।

কিয়নো  ইতিমধ্যেই ব্ৰহ্মপুত্ৰৰ প্ৰৱল বান গৰাখহনীয়াই প্ৰতিবছৰে ক্ৰমশঃ সংকুচিত কৰি অহা বন্যপ্ৰাণী অভয়াৰণ্যৰ গাতে লাগি আছে ১৯৩০ চনতে চৰকাৰী ৰাজহ গাওঁ হিচাবে স্বীকৃতিপ্ৰাপ্ত, বৰ্তমানে ধ্বংসৰ গৰাহত থকা ধনীয়া গাওঁ খন।

ইপিনে, চামগুৰি সমষ্টিৰ সীমান্তৱৰ্ত্তী তথা শোণিতপুৰ জিলাৰ অন্তৰ্গত ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ এখন আছুতীয়া গাওঁ হোৱাৰ হেতুকেই বুঢ়াচাপৰি ধনীয়া গাওঁ খনক চৰকাৰ তথা শোণিতপুৰ জিলা প্ৰশাসনে অনীহাৰ দৃষ্টিৰে চোৱাৰো অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী সাধাৰণ গঞা ৰাইজে।

বিগত বহু বছৰ ধৰি ব্ৰহ্মপুত্ৰৰ প্ৰৱল বান-গৰাখহনীয়াৰ কৱলত পৰি অসমৰ মানচিত্ৰৰ পৰা সমুলঞ্চে নি:চিহ্ন হোৱাৰ উপক্ৰম হোৱা বুঢ়াচাপৰি ধনীয়া গাঁৱখন সুৰক্ষিত কৰিবৰ বাবে ৰাইজে সংশ্লিষ্ট বিভাগ তথা জলসম্পদ মন্ত্ৰী গৰাকীৰ লগতে শাসনাধিষ্ঠিত বিজেপি চৰকাৰ খনক আহ্বান জনাইছে।

তদুপিৰ, শীঘ্ৰে নৈৰ দাঁতিত গাইড বান্ধ দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰি নৈ পৰীয়া বুঢ়াচাপৰিবাসী ৰাইজক সকাহ প্ৰদান কৰিবলৈ সংবাদ মাধ্যমৰ যোগেদি আহ্বান জনাইছে ধনীয়াৰ সমূহ গঞাঁ ৰাইজে।

অন্যথা ধনীয়া গাওঁ খন নি:শেষ হোৱাৰ পিছত সম্ভৱতঃ মহাবাহুৰ দুৰ্বাৰ গতিক কোনো কাৰণতেই ৰুধিব নোৱাৰিব বিভিন্ন বন্যপ্ৰাণী বিহংগমে গিজগিজাই থকা বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্য খনে।

The post ব্ৰহ্মপুত্ৰৰ প্ৰৱল গৰাখহনীয়াত নি:চিহ্ন হোৱাৰ উপক্ৰম বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্যৰ অন্তিম ৰক্ষা কৱচ স্বৰূপ ধনীয়া গাওঁ appeared first on NORTHEAST NOW (Assamese).



from NORTHEAST NOW (Assamese) https://ift.tt/2XdvJTi
via IFTTT

Comments