জানুৱাৰি-মাৰ্চ কোৱাৰ্টাৰত দেশৰ মুঠ ঘৰুৱা উৎপাদনৰ বিকাশৰ হাৰ ৩.১ শতাংশলৈ অৱনমিত
ভাৰতৰ মুঠ ঘৰুৱা উৎপাদনৰ(জি ডি পি) বিকাশৰ হাৰ জানুৱাৰি-মাৰ্চ কোৱাৰ্টাৰত ৩.১ শতাংশলৈ হ্ৰাস পাইছে।
শুকুৰবাৰে প্ৰকাশ হোৱা বিভাগীয় তথ্যত বিগত কোৱাৰ্টাৰৰ ৪.১ শতাংশ মুঠ ঘৰুৱা উৎপাদনৰ বিকাশৰ হাৰৰ বিপৰীতে ২০২০ বৰ্ষৰ প্ৰথটো কোৱাৰ্টাৰত বিকাশৰ হাৰ ১ শতাংশ হ্ৰাস পাইছে।
২০০৮-০৯ বিত্তীয় বৰ্ষৰ চতুৰ্থ কোৱাৰ্টাৰৰ পাছত বিগত ১১ বছৰত এইটো হৈছে দেশৰ অৰ্থনীতিৰ আটাইতকৈ মন্থৰ মুঠ ঘৰুৱা উৎপাদনৰ বিকাশৰ হাৰ।
জানুৱাৰি-মাৰ্চ কোৱাৰ্টাৰৰ অন্তিম সাতদিন দেশত সম্পূৰ্ণ ল’কডাউন চলি আছিল।
উল্লেখযোগ্য যে, ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে সমগ্ৰ দেশ একেৰাহে আঢ়ৈ মাহতকৈ অধিক সময় সম্পূৰ্ণ ল’কডাউনত থকাৰ ফলশ্ৰুতিত আহিবলগীয়া কোৱাৰ্টাৰত দেশৰ মুঠ ঘৰুৱা উৎপাদনৰ বিকাশৰ হাৰ আৰু অধিক নিম্নগামী হোৱাৰ সম্ভাৱনা আছে।
দেশৰ বহু বিশিষ্ট অৰ্থনীতিবিদ সকলে পৰৱৰ্তী কোৱাৰ্টাৰত দেশৰ মুঠ ঘৰুৱা উৎপাদন বিকাশৰ হাৰ ঋণাত্মক হ’ব পাৰে বুলিও শংকা ব্যক্ত কৰিছে।
ক’ৰ’নাৰ সংক্ৰমণৰ ফলত দেশৰ অধিকাংশ উদ্যোগ-প্ৰতিষ্ঠান বন্ধ হৈ থকা বাবে দেশত উৎপাদন হ্ৰাস পাইছে আৰু ইয়াৰ প্ৰভাৱ দেশৰ অর্থব্যৱস্থাত প্ৰত্যক্ষভাৱে পৰিলক্ষিত হ’ব।
ক’ৰ’নাৰ বিৰুদ্ধে চলি থকা যুদ্ধৰ সমান্তৰালভাৱে কেন্দ্ৰৰ এন ডি এ চৰকাৰে কেনেদৰে দেশৰ অৰ্থনৈতিক ভাৰসাম্য অনাগত দিনত ৰক্ষা কৰে সেয়া লক্ষ্যণীয় হ’ব।
The post জানুৱাৰি-মাৰ্চ কোৱাৰ্টাৰত দেশৰ মুঠ ঘৰুৱা উৎপাদনৰ বিকাশৰ হাৰ ৩.১ শতাংশলৈ অৱনমিত appeared first on NORTHEAST NOW (Assamese).
from NORTHEAST NOW (Assamese) https://ift.tt/2Aot1kI
via IFTTT
Comments
Post a Comment