নাগালেণ্ডত ৪৩ গৰাকীলৈ বৃদ্ধি ক’ৰ’না আক্ৰান্তৰ সংখ্যা; নতুনকৈ ৭ জন চিনাক্ত

চুবুৰীয়া ৰাজ্য নাগালেণ্ডত ক্ৰমাৎ কোভিড-১৯ আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে।

আজি পুৱা ৰাজ্যখনত ৭ গৰাকী ব্যক্তিক কোভিড-১৯ পজিটিভ হিচাপে চিনাক্ত কৰা হয়।

ইয়াকে লৈ নাগালেণ্ডত এই পৰ্যন্ত ক’ৰ’না ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ৪৩ গৰাকীলৈ বৃদ্ধি পায়।

আক্ৰান্ত ৭ গৰাকীৰ ৪ গৰাকী ক’হিমাৰ আৰু আন ৩ গৰাকী ডিমাপুৰৰ বুলি নাগালেণ্ডৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী এছ পাংগয়ু ফ’মে টুইটাৰ যোগে প্ৰকাশ কৰে।

আটাইকেইগৰাকীয়ে অলপতে চেন্নাইৰ পৰা নাগালেণ্ডলৈ উভতি আহিছিল, আক্ৰান্ত সকলৰ ভিতৰত ৪ মহিলা আৰু ৩ গৰাকী পুৰুষ।

উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে কালি অৰ্থাৎ শনিবাৰে ৰাজ্যখনত ১১ গৰাকী ক’ৰ’না আক্ৰান্ত ধৰা পৰিছিল। ইয়াৰে ৯ গৰাকী পুৰুষ আৰু ২ মহিলা।

এওঁলোকো যোৱা কিছুদিন পূৰ্বে চেন্নাইৰ পৰা উভতি আহিছিল। উক্ত ৰোগী কেইজনৰ ৮ গৰাকী ডিমাপুৰৰ আৰু ৩ গৰাকী ক’হিমাৰ।

The post নাগালেণ্ডত ৪৩ গৰাকীলৈ বৃদ্ধি ক’ৰ’না আক্ৰান্তৰ সংখ্যা; নতুনকৈ ৭ জন চিনাক্ত appeared first on NORTHEAST NOW (Assamese).



from NORTHEAST NOW (Assamese) https://ift.tt/3gC6Qbu
via IFTTT

Comments