নমস্কাৰেৰে ৰাষ্ট্ৰসংঘক বিদায় জনালে ভাৰতৰ স্থায়ী প্ৰতিনিধি চৈয়দ আকবৰুদ্দিনে

ৰাষ্ট্ৰসংঘত ভাৰতৰ স্থায়ী প্ৰতিনিধি চৈয়দ আকবৰুদ্দিনে নমস্কাৰেৰে ৰাষ্ট্ৰসংঘৰ পৰা অৱসৰ গ্ৰহণ কৰে।

ৰাষ্ট্ৰসংঘক বিদায় জনোৱাৰ পূৰ্বে ৰাষ্ট্ৰসংঘৰ সচিৱ প্ৰধান এণ্টনিঅ’ গুৱেটৰেজৰ সৈতে হোৱা অনলাইন সাক্ষাৎকাৰত নমস্কাৰ জ্ঞাপন কৰি সচিৱ প্ৰধান গৰাকীৰ পৰা বিদায় মাগে আকবৰুদ্দিনে।

ৰাষ্ট্ৰসংঘত নিজৰ কাৰ্য্যকালৰ সমৰণি পেলাই আকবৰুদ্দিনে ভাৰতলৈ উভতি অহাৰ পূৰ্বে সচিৱ প্ৰধান গৰাকীৰ সৈতে বৈঠকত অংশগ্ৰহণ কৰে।

‘‘সচিৱ প্ৰধান মই বিদায় গ্ৰহণ কৰাৰ পূৰ্বে ভাৰতীয় পৰম্পৰাক লৈ এটা সৰু অনুৰোধ আছে, যেতিয়া আমি লগ হম অথবা বিদায় লম, আমি হেল্লো বা কৰমৰ্দনৰ পৰিৱৰ্তে নমস্কাৰ কোৱা কৰিম। এতিয়া মই মোৰ বক্তব্য শেষ কৰাৰ পূৰ্বে আপোনাক নমস্কাৰ জনাইছো আৰু আপোনাৰ পৰাও একেধৰণৰ প্ৰতিনমস্কাৰ আশা কৰিছো,’’ গুৱেটৰেজৰ সৈতে হোৱা অনলাইন বৈঠকৰ অন্তত আকৰুদ্দিনে এনেদৰে কয়।

চৈয়দ আকবৰুদ্দিনে ২০১৫ চনত ৰাষ্ট্ৰসংঘত ভাৰতৰ স্থায়ী প্ৰতিনিধি হিচাপে কাৰ্য্যভাৰ গ্ৰহণ কৰিছিল।

চৈয়দ আকবৰুদ্দিনৰ অৱসৰৰ পাছত ভাৰতীয় বৈদিশিক পৰিক্ৰমা বিভাগৰ সচিৱ টি এছ ত্ৰিমুৰ্তিক বুধবাৰে ৰাষ্ট্ৰসংঘত ভাৰতৰ স্থায়ী প্ৰতিনিধি হিচাপে নিয়োগ কৰা হয়।

উল্লেখযোগ্য যে, নিজৰ কাৰ্য্যকালত চৈয়দ আকবৰুদ্দিনে অনুচ্ছেদ ৩৭০ কে ধৰি বিভিন্ন বিষয়ত ভাৰতৰ স্থিতি সন্দৰ্ভত ৰাষ্ট্ৰসংঘৰ মজিয়াত ভাৰতৰ সবল যুক্তি প্ৰতিষ্ঠা কৰি সকলোৰে পৰিচিত হৈছিল।

The post নমস্কাৰেৰে ৰাষ্ট্ৰসংঘক বিদায় জনালে ভাৰতৰ স্থায়ী প্ৰতিনিধি চৈয়দ আকবৰুদ্দিনে appeared first on NORTHEAST NOW (Assamese).



from NORTHEAST NOW (Assamese) https://ift.tt/2KNZK50
via IFTTT

Comments