ভাৰতীয় অৰ্থনীতি পুনৰুদ্ধাৰৰ বাবে সপ্তাহত ৬০ ঘণ্টাকৈ কাম কৰিব লাগিব : নাৰায়ণ মুৰ্থি
ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ বাবে ভাৰতৰ অৰ্থনৈতিক ব্যৱস্থাত পৰা প্ৰভাৱ সম্পৰ্কত মত ব্যক্ত কৰিছে ইনফোচিছৰ সহযোগী প্ৰতিষ্ঠাতা নাৰায়ণ মুৰ্থিয়ে।
ল’কডাউনৰ বাবে ক্ষতিগ্ৰস্ত হোৱা ভাৰতীয় অৰ্থনীতি সম্পৰ্কত মন্তব্য প্ৰকাশ কৰি মুৰ্থিয়ে দেশৰ অৰ্থনীতি পুনৰুজ্জীৱিত কৰিবলৈ হ’লে সপ্তাহত ৬০ ঘণ্টাকৈ কাম কৰিব লাগিব বুলি মত প্ৰকাশ কৰে।
‘‘আগন্তুক ২-৩ বছৰৰ বাবে আমি সপ্তাহত ৪০ ঘণ্টাৰ পৰিৱৰ্তে দৈনিক ১০ ঘণ্টাকৈ সপ্তাহত ছয় দিন অৰ্থাৎ সপ্তাহত ৬০ ঘণ্টা কাম কৰিব লাগিব যাতে দেশৰ অৰ্থনীতিক তৰান্বিত কৰিব পাৰো,’’ নাৰায়ণ মুৰ্থিয়ে এটা সাক্ষাৎকাৰত কয়।
আনহাতে, অৰ্থনীতি পুনৰুদ্ধাৰৰ বাবে চৰকাৰে বিশিষ্ট অৰ্থনীতিবিদ সকলেৰে গঠিত এখন বিশেষজ্ঞ কমিটি গঠন কৰি পৰামৰ্শৰ বাবে নিয়োগ কৰা প্ৰয়োজন বুলিও তেও লগতে কয়।
এনেধৰণে কাম কৰিলে দেশে পুৰ্বতকৈ শক্তিশালীভাৱে অৰ্থনৈতিক দিশত আত্মপ্ৰকাশ কৰিব পাৰিব বুলিও মুৰ্থিয়ে আশা ব্যক্ত কৰে।
নাৰায়ণ মুৰ্থিৰ পৰামৰ্শক ছ’চিয়েল মিডিয়াত বিভিন্ন জনে সমালোচনা কৰাও দেখা গৈছে।
বিভিন্ন জনে নাৰায়ণ মুৰ্থিৰ পৰামৰ্শৰ পূৰ্বৰে পৰা এনেধৰণে কাম কৰি থকা হৈছে বুলি উল্লেখ কৰি তেওঁক পুনৰ এই সম্পৰ্কে প্ৰয়োজন নাই বুলি কয়।
উল্লেখযোগ্য যে, ক’ৰ’না ভাইৰাছৰ সন্ত্ৰাসৰ বাবে ভাৰতৰ লগতে সমগ্ৰ বিশ্ব অৰ্থনীতি ক্ষতিগ্ৰস্ত হৈছে।
The post ভাৰতীয় অৰ্থনীতি পুনৰুদ্ধাৰৰ বাবে সপ্তাহত ৬০ ঘণ্টাকৈ কাম কৰিব লাগিব : নাৰায়ণ মুৰ্থি appeared first on NORTHEAST NOW (Assamese).
from NORTHEAST NOW (Assamese) https://ift.tt/2Ysgy9I
via IFTTT
Comments
Post a Comment