হায় স্মাৰ্টচিটি! প্ৰথমজাক বৰষুণতে কৃত্ৰিম বানত বুৰ যোৱা ৰাজ্যৰ ৰাজধানীৰ অৱস্থাই কি সূচায়?
ৰাজ্যখনৰ ৰাজধানী চহৰ গুৱাহাটী মহানগৰীত বাৰিষা বুলি ক’লেই মহানগৰবাসীৰ সন্মুখত ভাহি উঠে এক দু:স্বপ্ন।
বাৰিষা এজাক বৰষুণতে কৃত্ৰিম বানপানীত জৰ্জৰিত হৈ পৰে গুৱাহাটী মহানগৰী। কিন্তু এতিয়ালৈ ইয়াৰ কোনোধৰণৰ স্থায়ী সমাধান নহ’ল। ইপিনে, স্মাৰ্ট চিটিৰ ঢাক ঢোল বজাই চৰকাৰে মহানগৰীখনৰ বিকাশৰ ভুৱা ছবি দাঙি ধৰাত কোনো কৃপণালি কৰা নাই।
সম্পূৰ্ণ বাৰিষা কাল আৰম্ভ হ’বলৈ আৰু কিছুদিন আছে যদিও মঙলবাৰে বিয়লিৰ পৰা আৰম্ভ হোৱা প্ৰথমজাক বৰষুণৰ পাছতে মহানগৰীত আৰম্ভ হৈছে কৃত্ৰিম বানৰ আতংক।
মঙলবাৰে বিয়লি অহা এজাক বৰষুণ আৰু তাৰপাছত ছেগাছোৰোকাকৈ অহা কেইজাকমান পাতলীয়া বৰষুণৰ পাছত এতিয়া ৰাজধানী দিছপুৰৰ সমীপতে মূল পথ কৃত্ৰিম বানপানীৰে জলমগ্ন হৈ পৰিছে।
দিছপুৰৰ ওৱাৰলেছৰত কৃত্ৰিম বানপানীত নলা-নৰ্দমাৰ পানী একাকাৰ হৈ পৰিছে। পথাচাৰীয়ে ইয়াত কোনোমতে নাক কোচাই অতিক্ৰম কৰিবলগা হৈছে।
ইপিনে, যান-বাহনসমূহ পাৰ হৈ যোৱাৰ লগে লগে এই গেলা পানীসমূহে দুয়োকাষৰ পদপথত নলা-নৰ্দমাৰ আৱৰ্জনাবোৰ সিঁচি থৈ যায়।
হায় মহানাগৰিক! এতিয়া কি স’তে আমি বিকাশৰ যাত্ৰাৰ অংশীদাৰ হৈ আগবাঢ়িছো লক্ষ্য কৰক। বছৰ বছৰ ধৰি কেবল প্ৰতিশ্ৰুতিৰ পাহাৰ আৰু চমক সৃষ্টিৰ মাজত আমাৰ জীৱন যাত্ৰা কেতিয়া মসৃন হ’ব সেয়া কোনোপধ্যে বোধগম্য নহয়।
আপোনালোকৰ হয়তো মনত আছে এইখন চৰকাৰৰ দিনতে এক চমকপ্ৰদ পদক্ষেপ হাতত লোৱাৰ কথা সদৰী কৰিছিল গুৱাহাটী পৌৰ নিগমে।
কোৱা হৈছিল চাফাইকৰ্মীৰে নহয়, গুৱাহাটীৰ গেলা নলা চাফা কৰিব ৰবটে। উত্তৰ-পূৱৰ ভিতৰতে গুৱাহাটীত প্ৰথম বাৰৰ বাবে ৰবটৰ জৰিয়তে নলা নিষ্কাষণ কৰা হ’ব বুলি দাবীও কৰিছিল।
গুৱাহাটী মহানগৰীত থকা প্ৰায় ৩৭৯ টা নলা এই ৰবটেৰে নিষ্কাষণ কৰাৰ কথা আছিল। তদুপৰি, ৰবটৰ জৰিয়তে কামৰ শুভ উদ্বোধন কৰিছিল গুৱাহাটীৰ উন্নয়ন দপ্তৰৰ মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই।
পৌৰ নিগমৰ কোনো চাফাই কৰ্মী দুৰ্গন্ধময় নলাত ননমাকৈয়ে ৰবটৰ জৰিয়তে নলা নিষ্কাষণ কৰাৰ বাবে চাফাইকৰ্মীসকলক প্ৰশিক্ষণ দিয়াৰ কথা কোৱা হৈছিল।
আনহাতে, ৰৱটৰ সমান্তৰালভাৱে কেইবাখনো এক্সকেভেটৰো নিষ্কাষণত ব্যৱহাৰ কৰাৰ কথা কোৱা হৈছিল।
সি যি কি নহওক, সেই প্ৰকল্পৰ অস্তিত্ব আজি ক’তো বিচাৰি পাবলৈ নাই। এনেদৰে, গুৱাহাটী পৌৰ নিগমে বহুকেইটা প্ৰকল্প হাতত লৈছিল যদিও সৰহসংখ্যক প্রকল্পই বন্ধ হোৱাৰ উপক্ৰম হৈছে।
মঙলবাৰৰ পৰা আৰম্ভ হোৱা বছৰটোৰ প্ৰথমজাক বৰষুণে এতিয়া স্মাৰ্ট চিটি গুৱাহাটীৰ স্বৰূপ উদঙাই দিছে। এতিয়া ভোটৰ সময়। মহানগৰবাসী ৰাইজে জনপ্ৰতিনিধিৰ পৰা উত্তৰ বিচৰাৰ সময়।
সেইদৰে যোগ্য উত্তৰ দিব নোৱাৰা অথচ আঁভুৱা ভৰা প্ৰতিশ্ৰুতিৰে ভোট বিচৰাসকলক প্ৰত্যুত্তৰ দিয়াৰো উপযুক্ত সময়।
The post হায় স্মাৰ্টচিটি! প্ৰথমজাক বৰষুণতে কৃত্ৰিম বানত বুৰ যোৱা ৰাজ্যৰ ৰাজধানীৰ অৱস্থাই কি সূচায়? appeared first on NORTHEAST NOW (Assamese).
from NORTHEAST NOW (Assamese) https://ift.tt/3cA6Ete
via IFTTT
Comments
Post a Comment