আইতাক ঢুকাল বাৰাক অবামাৰ, মৃত্যুৰ সময়ত বয়স আছিল ৯৯ বছৰ
আইতাক ঢুকাল প্ৰাক্তন মাৰ্কিন ৰাষ্ট্ৰপতি বাৰাক অবামাৰ।
আফ্ৰিকা মহাদেশৰ কেনিয়াত বাস কৰা প্ৰাক্তন ৰাষ্ট্ৰপতিজনৰ আইতাক ছাৰাহ অবামাই সোমবাৰে শেষ নিশ্বাস ত্যাগ কৰা বুলি তেওঁৰ কন্যা মাৰছাট অনিয়াংগ’ই সংবাদমাধ্যমক জনায়।
‘মামা ছাৰাহ’ নামে পৰিচিত ছাৰাহ অবামাৰ মৃত্যুৰ সময়ত বয়স আছিল ৯৯ বছৰ।
প্ৰায় এসপ্তাহ ধৰি তেওঁ অসুস্থ হৈ থকাত দেশখনৰ পশ্চিম অঞ্চলৰ কিছুমু চহৰস্থিত জাৰামগী অগিংগা অডিংগা হস্পিতালত ভৰ্তি কৰোৱা হৈছিল।
আইতাকৰ মৃত্যুৰ খবৰ পাই বাৰাক অবামাই সমবেদনা জ্ঞাপন কৰিছে।
এসময়ত এগৰাকী সাধাৰণ গাঁৱলীয়া তিৰোতা ছাৰাহ অবামাই স্থানীয় এখন স্কুলত ছাত্ৰ ছাত্ৰীক খাদ্য বিতৰণ কৰিছিল।
কিন্তু ২০০৮ চনৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত প্ৰথম বাৰৰ বাবে কৃষ্ণাংগ ৰাষ্ট্ৰপতি হিচাপে বাৰাক অবামা নিৰ্বাচিত হোৱাৰ পাছতে তেওঁৰ আইতাকেও জনপ্ৰিয়তা লাভ কৰে।
২০০৬ চনত বাৰাক অবামাই আমেৰিকা যুক্তৰাষ্ট্ৰৰ ইলিনইছ প্ৰদেশৰ ছিনেটৰ হৈ থাকোতে কেনিয়া ভ্ৰমণ কৰিছিল আৰু তেতিয়াৰ পৰা তেওঁৰ আইতাক কেনিয়াৰ এগৰাকী চেলিব্ৰেটি হৈ পৰিল।
২০০৮ চনৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ পৰা ছাৰাহ অবামাৰ ঘৰটো হৈ পৰিল পৰ্যটকৰ কেন্দ্ৰবিন্দু।
১৯২২ চনত ভিক্টোৰিয়া হৃদৰ কাষৰ এখন গাঁৱত জন্মগ্ৰহণ কৰা ছাৰাহ অবামা আছিল হুছেইন অনিয়াংগ’ অবামাৰ তৃতীয়া পত্নী।
ছাৰাহ অবামাৰ স্বামী আছিল এগৰাকী বনৌষধী চিকিৎসক আৰু গাঁৱৰ মুখীয়াল।
তদুপৰি তেওঁ ব্ৰিটিছ সেনাৰ হৈ বাৰ্মাতো (বৰ্তমান ম্যানমাৰ) সৈনিক হিচাপে ভাগ লৈছিল।
১৯৭৫ চনত তেওঁৰ মৃত্যু হৈছিল।
উল্লেখযোগ্য যে প্ৰাক্তন ৰাষ্ট্ৰপতি বাৰাক অবামাই ছাৰাহ অবামাক মৰমতে ‘আইতাক’ বুলি সম্বোধন কৰিলেও তেওঁলোকৰ সম্পৰ্ক বংশগত নহয়।
আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি হিচাপে কাৰ্যভাৰ লোৱাৰ পাছতে তেওঁ কেনিয়াৰ ৰাজধানী নাইৰোবি ভ্ৰমণ কৰিছিল আৰু তাত ছাৰাহ অবামাৰ পৰিয়ালৰ স’তে সাক্ষাৎ কৰিছিল।
তদুপৰি ২০১৮ চনতো প্ৰাক্তন ৰাষ্ট্ৰপতিজনে কগেলু নামৰ গাঁওখনত থকা ছাৰাহ অবামাৰ ঘৰলৈ আহিছিল।
ছাৰাহ অবামা ঢুকোৱাৰ পাছতে কেনিয়াৰ ৰাষ্ট্ৰপতি উহুৰু কেনিয়াট্টাই শোকপ্ৰকাশ কৰিছে।
ছাৰাহ অবামাক দেশখনৰ পৰিয়াল ব্যৱস্থাৰ এগৰাকী ‘আইকন’ হিচাপে আখ্যা দি তেওঁ কয় যে দেশখনে এগৰাকী শক্তিশালী, মহিয়সী মহিলাক হেৰুৱালে।
পৰিয়ালৰ সূত্ৰই জনোৱামতে, মামা ছাৰাহক ঘৰতে বুধবাৰে ইচলামিক পৰম্পৰামতে কবৰ দিয়া হ’ব।
The post আইতাক ঢুকাল বাৰাক অবামাৰ, মৃত্যুৰ সময়ত বয়স আছিল ৯৯ বছৰ appeared first on NORTHEAST NOW (Assamese).
from NORTHEAST NOW (Assamese) https://ift.tt/3cwo8qC
via IFTTT
Comments
Post a Comment