কামৰূপ মহানগৰ জিলাত শনিবাৰৰ পৰা আৰম্ভ হৈছে ‘এবছেন্টি ভোটাৰ’ৰ ঘৰে ঘৰে ভোটগ্ৰহণ প্রক্রিয়া

কামৰূপ মহানগৰ জিলাৰ চাৰিওটা সমষ্টিত শনিবাৰৰ পৰা ‘এবছেন্টি ভোটাৰ’সকলৰ পোষ্টেল বেলটৰ জৰিয়তে ঘৰতেই ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হৈছে।

শনিবাৰে এই প্ৰক্ৰিয়াত নিয়োজিত মুঠ ১৭৫জন বিষয়া-কৰ্মচাৰী কামৰূপ মহানগৰ জিলাৰ নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ৰ পৰা ভোটগ্ৰহণৰ আৱশ্যকীয় সামগ্ৰীসমূহ লৈ নিজ কৰ্তব্যৰ বাবে ৰাওনা হয়।

মুঠ ৫জনকৈ বিষয়া-কৰ্মচাৰীৰে একোটাকৈ দল গঠন কৰি প্ৰত্যেকজন এবছেন্টি ভোটাৰৰ ঘৰলৈ ভোটগ্ৰহণৰ বাবে প্ৰেৰণ কৰা এই দলত আছে এগৰাকী মাইক্ৰ’অৱজাৰভাৰৰ লগতে দুগৰাকী প’লিং বিষয়া, এগৰাকী ভিডিঅ’গ্ৰাফাৰ আৰু এগৰাকী আৰক্ষী।

৫১ নং জালুকবাৰী সমষ্টিত ৬টা, ৫২নং দিছপুৰ সমষ্টিত ১১টা, ৫৩নং পূব গুৱাহাটী সমষ্টিত ৮টা আৰু ৫৪নং পশ্চিম গুৱাহাটী সমষ্টিত ১০টা- মুঠ ৩৫টা দলে কামৰূপ মহানগৰ জিলাৰ চাৰিওটা সমষ্টিৰ মুঠ ৩০০০গৰাকী এবছেন্টি ভোটাৰৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া সম্পন্ন কৰিব।

উল্লেখ্য যে শনিবাৰৰ পৰা ৫ এপ্ৰিল পৰ্যন্ত চলিবলগীয়া এই ‘এবছেন্টি ভোটাৰ’ৰ তালিকাত সন্নিৱিষ্ট হৈছে আশী বছৰৰ উৰ্দ্ধৰ বয়োজ্যেষ্ঠ ব্যক্তিৰ লগতে বিশেষভাৱে সক্ষম আৰু কোভিড-১৯ত আক্ৰান্ত হৈ থকা ভোটাৰসকল।

The post কামৰূপ মহানগৰ জিলাত শনিবাৰৰ পৰা আৰম্ভ হৈছে ‘এবছেন্টি ভোটাৰ’ৰ ঘৰে ঘৰে ভোটগ্ৰহণ প্রক্রিয়া appeared first on NORTHEAST NOW (Assamese).



from NORTHEAST NOW (Assamese) https://ift.tt/3w7g47d
via IFTTT

Comments