মায়ঙৰ আকাশত এক কিঃমিঃ ব্যৱধানত উৰিল দুখন হেলিকপ্টাৰ…

ডিজিটেল ডেস্ক,মায়ং : মঙলবাৰে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰৰ অন্তিম দিন।সেয়ে সকলো ৰাজনৈতিক দলৰ মাজত চলিল নিৰ্বাচনী প্রচাৰৰ প্রতিযোগিতা।অসমৰ আন আন ঠাইৰ দৰে মঙলবাৰে যাদু নগৰী মায়ঙৰ আকাশত উৰিল দুখনকৈ হেলিকপ্টাৰ।এখন কংগ্ৰেছৰ,আনখন বিজেপিৰ।মাত্ৰ এক কিঃমিঃ ব্যৱধান ত দুখন বিশাল নিৰ্বাচনী সভা।
মায়ঙৰ বুৰা বুৰী হাইস্কুল খেল পথাৰত হেলিকপ্টাৰ লৈ কংগ্ৰেছৰ সভা লৈ আহিল হাগ্ৰামা মহিলাৰী ,দেৱব্ৰত শইকীয়া আৰু অপূৰ্ব ভট্টাচাৰ্য।আনপিনে বৰষুণৰ কিছু বিধি পঠালি দিলেও বিয়লি ৫’১২ বজাত বিজেপিৰ প্ৰচাৰ চলাবলৈ আহিল হেলিকপ্টাৰ লৈ ডঃ হিমন্ত শৰ্মা ।দুয়ো খন সভাতে হাজাৰ হাজাৰ মানুহৰ সমাগম হয়।একপ্ৰকাৰ জনসমূদ্ৰ।পথত যানজঁট।বুৰা বুৰী আৰু ঝাৰগাঁও পথত আজি উখল মাখল পৰিবেশ।আকাশে বতাহে কেৱল কংগ্ৰেছ বিজেপি।দুজন শক্তিশালী প্ৰাৰ্থী য়ে প্ৰতিদ্বন্দ্বিতা কৰিছে জাগীৰোড ত।দুয়ো জনে প্ৰবল আত্মবিশ্বাসী।জনসমূদ্ৰ দেখি দুয়ো জনে ৰব নোৱাৰি নাচি নাচি উপস্থিত জনতাক কিছু উৎসাহ আৰু মনোৰঞ্জন দিয়ে।গীতৰ তালে তালে নাচোন আৰু জিন্দাবাদ মূর্দাবাদ শ্লোগান।
কংগ্ৰেছ ৰ প্ৰাৰ্থী স্বপন কুমাৰ মণ্ডলে যদি সতীৰ্থ সকলক লৈ মঞ্চত নাচিছে বিজেপিৰ পীয়ুষ হাজৰিকায়ু আকৌ এবাৰ মোদী চৰকাৰ গীত টোৰ তালে তালে কঁকাল ঘূৰাই নাচিছে।মুঠতে বেছ জমি উঠিছে জাগীৰোড ৰ ৰাজনীতি।কংগ্ৰেছৰ সভাত প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জী ৰ জীয়ৰী শৰ্মিষ্ঠা মুখাৰ্জী,হাগ্ৰামা মহিলাৰী,কংগ্ৰেছ নেতা দেৱব্ৰত শইকীয়া, ভোপেন বৰা,ৰূপজ্যোতি কুৰ্মী ,অপূর্ব ভট্টাচাৰ্য ই ভাষণ দিয়ে স্বপন কুমাৰ মণ্ডলক জয়ী কৰাবলৈ।আনপিনে পীয়ুষ হাজৰিকাক জিকাবলৈ আহি ভাষণ দিয়ে ডঃ হিমন্ত বিশ্ব শৰ্মা ই।
মুঠৰ ওপৰত মায়ং অঞ্চল ৰাজনৈতিক নেতাৰে ভৰি পৰিছে।নিৰ্বাচনী সভা দুখনত মানুহৰ উপস্থিতি দেখি বহুতে কোৱাকুই কৰিছে যে এইবাৰ জাগীৰোডত ” খেলা হবে”।অৱশ্যে ৰূপজ্যোতি কুৰ্মীয়ে কৈ গৈছে যে “খেলা হবে নহয়,খেলা হৈ গল”।এতিয়া মাথো মাজত এটা দিন বাকী।১ এপ্ৰিল ত হব নিৰ্বাচন।তাৰ পিছত ভাগ্য বন্দী হৈ পৰিব ই ভি এমত।কাৰ ভাগ্য ফুলে সেয়া এতিয়াই কব নোৱাৰি যদিও শেষ হাঁহি কিন্তু এজনেই মাৰিব।যিহেতু এটা সমষ্টিৰ পৰা এজনেহে জিকিব।তিনিও জন প্ৰাৰ্থী লৈ আমাৰ তৰফৰ পৰাও থাকিল শুভেচ্ছা
The post মায়ঙৰ আকাশত এক কিঃমিঃ ব্যৱধানত উৰিল দুখন হেলিকপ্টাৰ… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2QT07BH
via IFTTT
Comments
Post a Comment