কোভিড আক্ৰান্ত ব্যক্তিৰ সংস্পৰ্শলৈ অহা ২৫-৩০ জন লোকক চিনাক্ত কৰাৰ আহ্বান কেন্দ্ৰীয় চৰকাৰৰ…

ডিজিটেল ডেস্ক : দেশত বৃদ্ধি হৈছে কোৰোনাৰ সংক্ৰমন । কেইবাখনো ৰাজ্যত লকডাউনক ঘোষণা কৰা হৈছে । ইপিনে কোৰোনাৰ সংক্ৰমণ বৃদ্ধিৰ বাবে কেন্দ্ৰীয় চৰকাৰে ৰাজ্য সমূহক এক বিশেষ নিৰ্দেশনা জাৰি কৰিছে । কেন্দ্ৰীয় চৰকাৰে ৰাজ্যসমূহক কোৰোনা ভাইৰাছৰ দ্বাৰা সংক্ৰমিত প্ৰতিজন ব্যক্তিৰ সংস্পৰ্শত থকা ২৫-৩০ জন লোকক চিনাক্ত কৰাৰ লগতে আৰু সংক্ৰমিত লোক সকলক সঠিকভাৱে কোৱাৰেন্টাইনত ৰখাৰ নিৰ্দেশনা প্ৰেৰণ কৰা হৈছে ।
সংক্ৰমণৰ বৃদ্ধিৰ সৈতে মোকাবিলা কৰিবলৈ জিলা কেন্দ্ৰিক পদক্ষেপৰ আহ্বান জনাই কেন্দ্ৰীয় স্বাস্থ্য সচিব ৰাজেশ ভূষণে মঙলবাৰে কয় যে কোৰোনা সংক্ৰমণ কমেই হওক বা বেছি প্ৰতিখন জিলাই এই ক্ষেত্ৰত পৰিকল্পনা প্ৰস্তুত কৰিব লাগে ।
ৰাজেশ ভূষণে লগতে কয় যে কোভিড-১৯ত আক্ৰান্ত সকলক পৃথকে ৰাখি আৰু তেওঁলোকক অনুসন্ধান কৰি সংস্পৰ্শলৈ অহা ২৫-৩০ জন লোকক চিনাক্ত কৰি কোৰোনা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰিব লাগে ।য’ত বহু সংখ্যক লোক আক্ৰান্ত হৈছে তাত পৰিয়ালৰ সৈতে কোৱাৰেন্টাইনত ৰাখিলে উচিত ফল পোৱা নাযাব । সেই অঞ্চল সমূহৰ সীমা সমূহ চিনাক্ত কৰি এক নিষিদ্ধ ক্ষেত্ৰ তৈয়াৰ কৰাৰ আবশ্যক ।
The post কোভিড আক্ৰান্ত ব্যক্তিৰ সংস্পৰ্শলৈ অহা ২৫-৩০ জন লোকক চিনাক্ত কৰাৰ আহ্বান কেন্দ্ৰীয় চৰকাৰৰ… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/31vF8XC
via IFTTT
Comments
Post a Comment