দলীয় সংঘাতত জৰ্জৰিত বিজেপি! সভাপতি ৰঞ্জিত দাসে বহিষ্কাৰ কৰিলে আৰু ৭গৰাকীকৈ নেতাক
আসন্ন অসম বিধানসভাৰ নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিৰ মনোনীত প্ৰাৰ্থী তথা দলীয় সিদ্ধান্ত বিৰুদ্ধে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা ৭গৰাকী বিজেপি নেতাক দলৰ প্ৰাথমিক সদস্যৰ পৰা ছবছৰৰ বাবে বহিস্কাৰ কৰা হৈছে।
অনুশাসনমূলক ব্যৱস্থা হিচাপে দলবিৰোধী কাৰ্যত লিপ্ত হোৱা নেতা কেইগৰাকীক দলীয় সংবিধানৰ ধাৰা ২৫ৰ উপধাৰা ৯ অনুসৰি বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসে তাৎক্ষণিকভাৱে বলবৎ হোৱাকৈ দলৰ প্ৰাথমিক সদস্যৰ পৰা বহিস্কাৰ কৰে।
ৰাজ্যিৰ বিজেপিৰ সাধাৰণ সম্পাদক ৰাজদীপ ৰয় স্বাক্ষৰিত এক জাননী যোগে দলটোৰ ৭ গৰাকী নেতাক দলৰ পৰা বহিষ্কাৰ কৰাৰ কথা ঘোষণা কৰিছে।
দলৰ প্ৰাথমিক সদস্যৰ পৰা বহিস্কৃত এই ৭গৰাকী সদস্য হৈছে ক্ৰমে দীপক ৰাভা (দুধনৈ), শৈলেন কলিতা (দিছপুৰ), শান্তনু কলিতা (বৰক্ষেত্ৰী), জ্যোতিৰ্ময় শৰ্মা (ধৰ্মপুৰ), মোবাৰক হুছেইন (ধুবুৰী), বলেশ্বৰ ৰংপি (পশ্চিম গুৱাহাটী) আৰু ধৰ্ম নাৰায়ন নাথ( গেৱালপাৰা পূব)।
উল্লেখ্য যে বিজেপি দলৰ এইবাৰ প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাতে যথেষ্ট প্ৰভাৱ পেলাইছে। আন বহু সমষ্টিতো বিজেপিৰ বহু অসন্তুষ্ট নেতাই দলৰ বিৰুদ্ধে সৰৱ হোৱা দেখা গৈছিল যদিও সাময়িকভাৱে সেয়া তাপ মাৰিছে।
আনহাতে, সদ্য বহিস্কৃত এই নেতাকেইগৰাকীয়ে প্ৰতিদ্বন্দ্বিতা কৰা সমষ্টিসমূহত বিজেপি দলৰ মনোনীত প্ৰাৰ্থীকেইগৰাকীক শলঠেকত পেলোৱাৰ সম্ভাৱনা দেখা গৈছে।
বিশেষকৈ দুধনৈ সমষ্টিত বিধায়ক দীপক ৰাভাৰ যথেষ্ট প্ৰভাৱ থকা পৰিলক্ষিত হৈছে আৰু তেওঁ ইতিমধ্যে ব্যাপক নিৰ্বাচনী প্ৰচাৰ চলাইছে।
সেইদৰে, ধৰ্মপুৰ সমষ্টিত জ্যোতিৰ্ময় শৰ্মাই পুৰণি বিজেপি কৰ্মী হিচাপে ভোট বিভাজন কৰাৰ সম্ভৱনা আছে।
উল্লেখ্য যে ৰাজ্যিক বিজেপিয়ে কেইদিনমান পূৰ্বে আৰু ১৫ গৰাকী নেতাক দলৰ প্ৰাখমিক সদস্য পদৰ পৰা বহিষ্কাৰ কৰিছিল।
অসম বিধান সভা নিৰ্বাচনত নিৰ্দলীয়ভাৱে প্ৰতিদ্বন্দিতা আগবঢ়োৱাৰ বাবেই দিলীপ পাল, প্ৰিয়ংকা নেওগ, লক্ষেশ্বৰ মৰাণ, ৰাজেশ কিষাণ, দেৱজিত মৰাণসহ ১৫ জন বিজেপি নেতাক দলৰ পৰা বহিষ্কাৰ কৰিছিল ৰাজ্যিক বিজেপিয়ে।
উল্লেখ্য যে টিকটৰ পৰা বঞ্চিত হৈ বিজেপিৰ এইসকল নেতাইও ক্ষোভ উজাৰি নিজ নিজ সমষ্টিসমূহত নিৰ্দলীয়ভাৱে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে।
The post দলীয় সংঘাতত জৰ্জৰিত বিজেপি! সভাপতি ৰঞ্জিত দাসে বহিষ্কাৰ কৰিলে আৰু ৭গৰাকীকৈ নেতাক appeared first on NORTHEAST NOW (Assamese).
from NORTHEAST NOW (Assamese) https://ift.tt/3ddX4eN
via IFTTT
Comments
Post a Comment