৪টা ৰাজনৈতিক দলৰ ৪গৰাকী সভাপতিৰ ভাগ্য নিৰ্ণয় কৰিব ভোটাৰে…

ডিজিটেল ডেস্কঃ পুৱাৰে পৰা শান্তিপূৰ্ণভাৱে চলি আছে অসম বিধানসভাৰ ২০২১ৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচন। আজি নিৰ্ণয় হ’ব ৪গৰাকী সভাপতিৰ ভাগ্য। গহপুৰত কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ সৈতে যুঁজ হ’ব কংগ্ৰেছ প্ৰাৰ্থী উতপল বৰা।

শিৱসাগৰত ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ ভাগ্য নিৰ্ণয় কৰিব ভোটাৰে। বোকাখাতত অসম গণ পৰিষদৰ সভাপতি অতুল বৰাৰ সৈতে প্ৰণৱ জ্যোতি দলে তীব্ৰ প্ৰতিদ্বন্দ্বিতা হোৱাৰ সম্ভাৱনা আছে। নাহৰকটীয়া আৰু দুলীয়াজানত অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈৰ ভাগ্য নিৰ্ণয় কৰিব সমষ্টিবাসীয়ে।

The post ৪টা ৰাজনৈতিক দলৰ ৪গৰাকী সভাপতিৰ ভাগ্য নিৰ্ণয় কৰিব ভোটাৰে… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3fgeb27
via IFTTT

Comments