ভাৰত বিৰোধী ভাষণৰ বাবে নিজৰ দেশৰ ক্ৰিকেটাৰৰে সালোচনাৰ সন্মুখীন হ’ল আফ্ৰিদি
পাকিস্তানৰ প্ৰাক্তন ক্ৰিকেটাৰ ছাহিদ আফ্ৰিদিয়ে শেহতীয়াকৈ কৰা এটা মন্তব্যক লৈ সংবাদ মাধ্যম তথা ছ’চিয়েল মিডিয়াত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
আফ্ৰিদিয়ে শেহতীয়াকৈ ভাৰত বিৰোধী শ্ল’গান দিয়াক লৈ ভাৰতৰ প্ৰাক্তন আ্ৰু বৰ্তমানৰ ক্ৰিকেটাৰৰ লগতে এগৰাকী প্ৰাক্তন পাকিস্তানী ক্ৰিকেটাৰৰো সমালোচনাৰ সন্মুখীন হৈছে।
ভাৰত বিৰোধী শ্ল’গান দিয়াক লৈ ছাহিদ আ্ফ্ৰিদিক সমালোচনা কৰা নিজ দেশৰ ক্ৰিকেটাৰ গৰাকী হৈছে প্ৰাক্তন স্পিনাৰ দানিশ কানেৰিয়া।
কানেৰিয়াই কয় যে আফ্ৰিদিৰ মন্তব্যই দেশৰ ক্ৰিকেট মহলক লজ্জিত কৰি তুলিছে।
উল্লেখ্য যে আফ্ৰিদিয়ে পাক অধিকৃত কাশ্মীৰ আৰু ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক উদ্দেশ্যি বিতৰ্কিতমূলক মন্তব্য কৰিছিল।
কানেৰিয়াই কয়, ‘ভাৰতৰ প্ৰধান মন্ত্ৰীক উদ্দেশ্যি আফ্ৰিদিয়ে এই মন্তব্য কৰিব নালাগিছিল। আচলতে পাকিস্তানৰ প্ৰধান মন্ত্ৰী ইমৰান খানেও বৰ্তমান তথা ভৱিষ্যতে ভাৰতক লৈ এই মন্তব্য নকৰে’।
‘আফ্ৰিদিয়ে ইমৰান খানৰ পৰা শিকাৰ প্ৰয়োজন আছে’ বুলিও কানেৰিয়াই মন্তব্য কৰে।
ইয়াৰ উপৰি কয়, ‘যিকোনো কথা কোৱাৰ আগত চিন্তা কৰি ল’ব লাগে। ৰাজনীতিলৈ আহিব বিচাৰিছে যদি ক্ৰিকেট এৰি দিব লাগে। এনেধৰণৰ ভাষণে ভাৰতৰ লগতে বিশ্বৰ সকলো প্ৰান্ততে পাকিস্তান ক্ৰিকেটৰ ছবি অনিষ্ট হয়’।
ইয়াৰ উপৰি কানেৰিয়াই কয় যে আপুনি প্ৰথমে সহায়ৰ আহ্বান জনালে আৰু সহায় পোৱাৰ পিছত সেই দেশ আৰু প্ৰধান মন্ত্ৰীক বেয়াকৈ ক’লে, এইটো কেনেধৰণৰ বন্ধুত্ব।
উল্লেখ্য যে আফ্ৰিদিৰ বিতৰ্কিত মন্তব্যৰ পিছতে ভাৰতীয় ক্ৰিকেটাৰ হৰভজন সিং, যুৱৰাজ সিং, গৌতম গম্ভীৰৰ লগতে কেইবাগৰাকীও ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰে তেওঁক সমালোচনা কৰিছিল।
The post ভাৰত বিৰোধী ভাষণৰ বাবে নিজৰ দেশৰ ক্ৰিকেটাৰৰে সালোচনাৰ সন্মুখীন হ’ল আফ্ৰিদি appeared first on NORTHEAST NOW (Assamese).
from NORTHEAST NOW (Assamese) https://ift.tt/3d5Stdb
via IFTTT
Comments
Post a Comment