WHOৰ সৈতে কি সম্পৰ্ক চীনৰ ৰাষ্ট্ৰপতিৰ পত্নীৰ? প্ৰশ্নৰ সন্মুখীন হ’ব পাৰে বিশ্ব স্বাস্থ্য সংস্থা

কৰ’না ভাইৰাছৰ প্ৰসংগত বিশ্ব স্বাস্থ্য সংস্থা (WHO)ৰ ওপৰত বহু দেশে প্ৰশ্ন তুলি আহিছে।

শেহতীয়াকৈ প্ৰকাশিত বাতৰি অনুসৰি, WHOয়ে ইয়াৰ ৱেবছাইটত গুডউইল এম্বেছাদৰ পেং লিয়ুৱানৰ যি পৰিচয় দিছে তাত ক’তো তেওঁ যে চীনৰ ৰাষ্ট্ৰপতিৰ পত্নী সেই কথা উল্লেখ কৰা নাই।

বিশ্ব স্বাস্থ্য সংস্থাই ইয়াৰ ৱেবছাইটত গুডউইল এম্বেছাদৰ হিচাপে নজন লোকৰ নাম উল্লেখ কৰিছে।

পেং লিয়ুৱানক এই পদৰ বাবে নিৰ্বাচিত কৰাৰ সময়ত তেতিয়াৰ WHOৰ মুৰব্বী মাৰ্গাৰেট চানে তেওঁক এগৰাকী বিশ্বৰ প্ৰসিদ্ধ কন্ঠ আৰু অন্তৰৰ মহিলা বুলি পৰিচয় কৰাই দিছিল।

২০১১চনত তেওঁক প্ৰথমবাৰৰ বাবে এই পদলৈ নিৰ্বাচিত কৰা হৈছিল আৰু পাছত WHOৰ  নতুন মুৰব্বী টেড্ৰ’ছ আধানম ঘেব্ৰিয়েছুছে দ্বিতীয়বাৰৰ বাবে তেওঁক পুনৰ নিৰ্বাচিত কৰে।

ব্ৰিটেইনৰ সাংসদ তথা দেশখনৰ বৈদেশিক সম্পৰ্কীয় কমিটিৰ অধ্যক্ষ টম টীয়ে কয় যে গুডউইলৰ পৰিভাষা বিস্তাৰ কৰা হৈছে। WHOই যিসকল লোকৰ কামৰ ওপৰত সন্দেহ থাকে তাৰ পৰিৱৰ্তে এনেকুৱা লোকক নিৰ্বাচিত কৰা উচিত যি প্ৰকৃততে মানুহৰ অধিকাৰৰ ওপৰত কাম কৰে।

বাতৰি অনুসৰি, ১৯৮৭চনত পেং লিয়ুৱানৰ জিন পিঙৰ সৈতে বিয়া হৈছিল। জিন পিং তেতিয়া চীনৰ জিয়ামেনৰ ডেপুটি মেয়ৰ আছিল আৰু প্ৰথমা পত্নীৰ সৈতে তেওঁৰ বিবাহ বিচ্ছেদ ঘটিছিল।

WHOৰ ৱেবছাইটত লিখা হৈছে,‘’সংস্থাৰ তদানীত্বন সঞ্চালক প্ৰধান মাৰ্গাৰেট চানে চীনৰ প্ৰসিদ্ধ গায়িকা তথা অভিনেত্ৰী পেং লিয়ুৱানক  টিবি আৰু এইচ আই ভি/এইডছৰ বাবে WHOৰ এগৰাকী গুডউইল এম্বেছাদৰ হিচাপে নিযুক্তি দিছে।

পেং চীনৰ পীপলছ লিবাৰেশ্যন আৰ্মিৰ জেনেৰেল পলিটিকেল ডিপাৰ্টমেন্টৰ গীত আৰু নৃত্যৰ বিভাগৰ মুৰব্বী আছিল।

২০০৬চনত পেঙক চীনত এইচ আই ভি/এইডছ প্ৰতিৰোধ সম্পৰ্কীয় মিনিষ্টাৰ অফ হেলথ এম্বেছাদৰ হিচাপে নিৰ্বাচিত কৰিছিল আৰু ২০০৭চনত টিবি নিয়ন্ত্ৰণ তথা প্ৰতিৰোধৰ নেশ্যনেল এম্বেছাদৰ নিযুক্ত হৈছিল।

ইপিনে, আমেৰিকাকে ধৰি বহুকেইখন দেশে WHOই বিশ্বত কৰ’না ভাইৰাছ সম্পৰ্কে সময়মতে অৱগত নকৰাৰ অভিযোগ তুলি ইয়াৰ আঁৰত চীনৰ হাত থকা বুলি আঙুলি টোৱাইছে।

আমেৰিকা আৰু জাৰ্মানীয়ে আনকি চীনৰ ৰাষ্ট্ৰপতিয়ে WHOৰ মুৰব্বীক কৰ’না সংক্ৰান্তীয় তথ্য গোপন কৰিবলৈ কোৱা বুলিও অভিযোগ তুলিছিল যদিও WHOৰ ফালৰ পৰা ইয়াক অস্বীকাৰ কৰা হৈছে।

এতিয়া চীনৰ ৰাষ্ট্ৰপতি জিনপিঙৰ পত্নী পেং লিয়ুৱানৰ সম্পৰ্কক লৈ WHOপুনৰ প্ৰশ্নৰ সন্মুখীন হোৱাৰ সম্ভাৱনা দেখা দিছে।

The post WHOৰ সৈতে কি সম্পৰ্ক চীনৰ ৰাষ্ট্ৰপতিৰ পত্নীৰ? প্ৰশ্নৰ সন্মুখীন হ’ব পাৰে বিশ্ব স্বাস্থ্য সংস্থা appeared first on NORTHEAST NOW (Assamese).



from NORTHEAST NOW (Assamese) https://ift.tt/3goV840
via IFTTT

Comments