মেঘালয়তো পুনৰ বৃদ্ধি পাইছে ক’ৰ’না আক্ৰান্তৰ সংখ্যা; বহিঃৰাজ্যৰ পৰা উভতি অহা লোকৰ শৰীৰত ধৰা পৰিছে ক’ৰ’না

মেঘালয়ত মঙলবাৰে নতুনকৈ পুনৰ পাঁচগৰাকী লোকৰ শৰীৰত কোভিড-১৯-ৰ উপস্থিতি ধৰা পৰে।

মুখ্য মন্ত্ৰী কনৰাড চাংমাই টুইটাৰ যোগে এই কথা প্ৰকাশ কৰে।

ইয়াকে লৈ অসমৰ চুবুৰীয়া ৰাজ্যখনত এক্টিভ কোভিড-১৯ কেচৰ সংখ্যা ৭ গৰাকীলৈ বৃদ্ধি পায়।

নতুনকৈ ক’ৰ’নাত আক্ৰান্ত হোৱা লোক কেইগৰাকীৰ আটাইকেইগৰাকীয়ে দিল্লী আৰু হাৰিয়ানাত আৱদ্ধ হৈ থাকি অলপতে উভতি অহা।

ক’ৰ’না আক্ৰান্ত আটাইকেইগৰাকী লোককে শ্বিলঙৰ ক’ৰ’না কেয়াৰ চেণ্টাৰত ৰখা হৈছে।

‘‘দিল্লী আৰু হাৰিয়ানাৰ পৰা উভতি অহা পাঁচগৰাকী লোকৰ শৰীৰত কোভিড-১৯-ৰ উপস্থিতি ধৰা পৰিছে। তেওঁলোকক শ্বিলঙৰ ক’ৰ’না চেন্টাৰত ৰখা হৈছে। ৰাজ্যত এক্টিভ কেচৰ সংখ্যা ৭ গৰাকীলৈ বৃদ্ধি পাইছে,’’ মুখ্য মন্ত্ৰী চাংমাই এইদৰে টুইটাৰত উল্লেখ কৰে।

বহিঃৰাজ্যৰ পৰা নিজ গৃহলৈ উভতি অহা সকলো লোকৰে প্ৰয়োজনীয় চিকিৎসা পৰীক্ষা সম্পন্ন কৰাৰ পাছত আইছোলেশ্যনত ৰখা হৈছে।

মঙলবাৰে মুখ্য মন্ত্ৰী চাংমাই ৰাজ্যখনত ক’ৰ’নাৰ পৰিস্থিতি সন্দৰ্ভত পৰ্যালোচনা কৰাৰ বাবে এখন বৈঠকত অংশ গ্ৰহণ কৰে।

The post মেঘালয়তো পুনৰ বৃদ্ধি পাইছে ক’ৰ’না আক্ৰান্তৰ সংখ্যা; বহিঃৰাজ্যৰ পৰা উভতি অহা লোকৰ শৰীৰত ধৰা পৰিছে ক’ৰ’না appeared first on NORTHEAST NOW (Assamese).



from NORTHEAST NOW (Assamese) https://ift.tt/2ZGxiec
via IFTTT

Comments