বিহাৰত বাদুলীৰ অস্বাভাৱিক মৃত্যু; পৰীক্ষাগাৰলৈ মৃত বাদুলীৰ নমুনা প্ৰেৰণ

দেশত ক’ৰ’নাৰ সংক্ৰমণৰ সময়তে বিহাৰত ২০০ ৰো অধিক বাদুলীৰ অস্বাভাৱিক মৃত্যু হোৱাৰ বাতৰি লাভ কৰা গৈছে।

বিহাৰৰ পশুপালন বিভাগৰ চিকিৎসকৰ এটা দলে মঙলবাৰে ৰাজ্যখনত ২০০ ৰো অধিক বাদুলীৰ মৃত্যু হোৱাৰ কথা প্ৰকাশ কৰে।

চিকিৎসকৰ দলটোৱে মৃত বাদুলীবোৰৰ শ্বোৱাবৰ নমুনা সংগ্ৰহ কৰি পাটনাৰ পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰিছে বুলি জানিব পৰা গৈছে।

চিকিৎসকৰ দলটোৱে পৰীক্ষাৰ ৰিপোৰ্ট আহিলেহে বাদুলীবোৰৰ মৃত্যু হোৱাৰ প্ৰকৃত কাৰণ বৰ্ণনা কৰিব পাৰিব বুলি কয়।

উল্লেখযোগ্য যে, বহু চিকিৎসক আৰু গৱেষকৰ দলে বাদুলীৰ শৰীৰৰ পৰা ক’ৰ’না ভাইৰাছ মানুহৰ শৰীৰলৈ বিয়পা সন্দৰ্ভতো মত প্ৰকাশ কৰিছিল।

ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ আৰম্ভ হোৱাৰ পাছৰে গৱেষক সকলে বাদুলীৰ ওপৰত বিভিন্ন ধৰণৰ পৰীক্ষা-নিৰীক্ষা অব্যাহত ৰাখিছে।

বিগত বৰ্ষত ভাৰতত প্ৰাদুৰ্ভাৱ ঘটা নিপাহ ভাইৰাছো প্ৰধানকৈ বাদুলীৰ জৰিয়তে সংক্ৰমিত হৈছিল বুলি চিকিৎসক সকলে নিশ্চিত হৈছিল।

The post বিহাৰত বাদুলীৰ অস্বাভাৱিক মৃত্যু; পৰীক্ষাগাৰলৈ মৃত বাদুলীৰ নমুনা প্ৰেৰণ appeared first on NORTHEAST NOW (Assamese).



from NORTHEAST NOW (Assamese) https://ift.tt/2AZtIRS
via IFTTT

Comments