স্কুল-কলেজ খোলাৰ ক্ষেত্ৰত এতিয়াও একো সিদ্ধান্ত লোৱা নাই গৃহ মন্ত্ৰ্যালয়ে

ক’ৰ’না ভাইৰাছক কেন্দ্ৰ কৰি দীৰ্ঘদিন ধৰি বন্ধ হৈ থকা দেশৰ শিক্ষানুষ্ঠানসমূহ কেতিয়া খুলিব সেই সন্দৰ্ভত কোনো সিদ্ধান্ত লোৱা নাই কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ে।

গৃহ মন্ত্ৰ্যালয়ে দেশৰ প্ৰতিখন ৰাজ্যৰে স্কুল, কলেজ খোলাৰ অনুমতি প্ৰদান কৰা বুলি ভুৱা বাতৰি প্ৰচাৰ হোৱাৰ পিছতে মঙলবাৰে ৰাতি এই সকলো কথা মিছা বুলি স্পষ্ট কৰি দিয়ে।

মন্ত্ৰ্যালয়ৰ এগৰাকী বিষয়াই টুইটযোগে কয়, ‍‘কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে এনে কোনো সিদ্ধান্ত লোৱা নাই। দেশজুৰি শৈক্ষিক প্ৰতিষ্ঠান খোলাত এতিয়াও নিষেধাজ্ঞা আছে’।

উল্লেখ্য যে ক’ৰ’না ভাইৰাছৰ সংহাৰৰ প্ৰতি লক্ষ্য ৰাখি মাৰ্চৰ মাজ ভাগৰ পৰাই দেশৰ সকলো শৈক্ষিক প্ৰষ্ঠান বন্ধ কৰি দিয়া হৈছিল।

চীনৰ পৰা সম্প্ৰসাৰিত হোৱা ক’ৰ’না ভাইৰাছ বিশ্বজুৰি প্ৰায় ৫৬ লাখ লোকলৈ সংক্ৰমিত হৈছে। ইয়াৰে ৩ লাখ ৫১ হাজাৰ ৬৬৮ গৰাকী লোকৰ মৃত্যু হৈছে।

আনহাতে ২৪ লাখ ২৬ হাজাৰ ৫৬০ গৰাকী লোক ক’ৰ’না মুক্ত হৈছে। উল্লেখণীয় যে বিশ্বজুৰি আক্ৰান্তৰ ৭৪ শতাংশই হৈছে ১২ খন দেশৰ।

The post স্কুল-কলেজ খোলাৰ ক্ষেত্ৰত এতিয়াও একো সিদ্ধান্ত লোৱা নাই গৃহ মন্ত্ৰ্যালয়ে appeared first on NORTHEAST NOW (Assamese).



from NORTHEAST NOW (Assamese) https://ift.tt/2X5vdXf
via IFTTT

Comments