প্ৰয়োজন হ’লে আমাৰ সেনাবাহিনীয়ে যুদ্ধ কৰিব; সীমা বিবাদক লৈ ভাৰতক ভাবুকি নেপালৰ
ভাৰতৰ সৈতে চলি থকা নেপালৰ শেহতীয়া সীমা বিবাদ সন্দৰ্ভত পুনৰ আক্ৰমণাত্মক মত ব্যক্ত কৰিছে নেপালৰ উপ-প্ৰধান মন্ত্ৰী ইশ্বৰ পোখৰেলে।
নেপালৰ উপ-প্ৰধান মন্ত্ৰী ইশ্বৰ পোখৰেলে প্ৰয়োজনত নেপালৰ সেনা বাহিনীয়ে যুদ্ধৰ বাবে সাজু বুলি ভাৰতক প্ৰত্যাহ্বান জনায়।
‘’আমাৰ সেনাবাহিনীৰ সক্ষমতা, একতা আৰু দায়বদ্ধতা সম্পৰ্কত আমাৰ সম্পুৰ্ণ বিশ্বাস আছে,’’ পোখৰেলে কয়।
নেপালৰ উপ-প্ৰধান মন্ত্ৰী ইশ্বৰ পোখৰেলে দেশখনৰ প্ৰতিৰক্ষা মন্ত্ৰী হিচাপেও কাৰ্য্য নিৰ্বাহ কৰি আছে।
উল্লেখযোগ্য যে, নেপালে শেহতীয়াভাৱে মুকলি কৰা দেশখনৰ মানচিত্ৰত লিপুলেখ, কালাপানী আৰু লিমপিয়াধুৰা আদি ভাৰতীয় ভূখণ্ডক নেপালৰ ভূখণ্ড বুলি দাবী কৰিছে।
ইয়াৰ পূৰ্বেও নেপালৰ প্ৰধান মন্ত্ৰীয়ে নেপালত ভাৰতীয় লোকৰ দ্বাৰা ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ বৃদ্ধি পাইছে বুলি মন্তব্য কৰিছিল।
ভাৰতৰ বিৰুদ্ধে নেপাল চৰকাৰে গ্ৰহণ কৰা আক্ৰমণাত্মক স্থিতিৰ বিপৰীতে এতিয়ালৈ ভাৰতে দেশখনক কোনোধৰণৰ উত্তৰ দিয়া নায়।
ভাৰতৰ বৈদেশিক পৰিক্ৰমা বিভাগৰ মুখপাত্ৰই নেপালৰ সৈতে সীমা বিবাদ আলোচনাৰ মাধ্যমেৰে সমাধান কৰা হ’ব বুলি মত প্ৰকাশ কৰিছিল।
The post প্ৰয়োজন হ’লে আমাৰ সেনাবাহিনীয়ে যুদ্ধ কৰিব; সীমা বিবাদক লৈ ভাৰতক ভাবুকি নেপালৰ appeared first on NORTHEAST NOW (Assamese).
from NORTHEAST NOW (Assamese) https://ift.tt/3gsmZQE
via IFTTT
Comments
Post a Comment