সাহিত্যৰ জে চি বি পুৰস্কাৰৰ জুৰীৰ বাবে নিৰ্বাচিত লেখক, অনুবাদক অৰুণি কাশ্যপ

তৃতীয় সংখ্যক সাহিত্যৰ জি চি বি পুৰস্কাৰৰ জুৰীৰ সদস্য হিচাপে নিৰ্বাচিত হৈছে অসমৰ লেখক, অনুবাদক অৰুণি কাশ্যপ।

অৰুণি কাশ্যপৰ উপৰিও সংগীত নাটক একাডেমীৰ প্ৰাক্তন সভাপতি লীলা চেমছন, লেখক তেজশ্বী নিৰাঞ্জনা, নাট্যকাৰ আৰু নাট পৰিচালক ৰামু ৰামানাথন আৰু টাটা ষ্ট্ৰাষ্টৰ কলা আৰু সংস্কৃতি বিভাগৰ প্ৰধান দীপিকা চোৰাবজি জুৰীৰ সদস্য হিচাপে আছে।

জেচিবি সাহিত্য পুৰষ্কাৰ বিজয়ী গৰাকীয়ে ২৫ লাখ টকা লাভ কৰৰা বিপৰীতে নিৰ্বাচিত হোৱা লেখক সকলে এক লাখ টকাকৈ লাভ কৰে।

ইংৰাজী লেখাৰ উপৰিও অন্য ভাষাৰ লিখনিক ইংৰাজীলৈ অনুবাদ কৰাৰ ক্ষেত্ৰত এই পুৰস্কাৰৰ বাবে বিবেচিত কৰা হয়। এখনতকৈ অধিক সংখ্যক নিৰ্বাচিত পুথি অনুবাদ কৰিলে অতিৰিক্তভাৱে ৫০,০০০ টকা পুৰস্কাৰ হিচাপে আগবঢ়োৱা হয়।

আনহাতে, অনুবাদৰ ক্ষেত্ৰত বিজয়ী গৰাকীয়ে ১০ লাখ টকা লাভ কৰিব পুৰস্কাৰ হিচাপে।

২০১৯ বৰ্ষত মাধুৰী বিজয়ৰ প্ৰথম উপন্যাস দ্যা ফাৰ ফিল্ডে এই পুৰষ্কাৰ বুটলিবলৈ সক্ষম হৈছিল।

চলিত বৰ্ষৰ বিজয়ীৰ নাম ১ চেপ্তেম্বৰত ঘোষণা কৰাৰ বিপৰীতে নিৰ্বাচিত সকলৰ নাম ২৫ ছেপ্তেম্বৰত ঘোষণা কৰা হ’ব।

‘দ্যা হাউচ উইথ এ থাউজেণ্ড ষ্টোৰীজ’ৰ লেখক অৰুণি কাশ্যপে মামনি ৰয়ছম গোস্বামীৰ থেংফাখ্ৰী তেহচিলদাৰৰ তামৰ তৰোৱাল উপন্যাসখনো অনুবাদ কৰিছিল।

গুৱাহাটীৰ জন্মগ্ৰহণ কৰা অৰুণি কাশ্যপ বৰ্তমান আমেৰিকা যুক্তৰাষ্ট্ৰৰ মিন্নেচ’টাৰ বাসিন্দা।

The post সাহিত্যৰ জে চি বি পুৰস্কাৰৰ জুৰীৰ বাবে নিৰ্বাচিত লেখক, অনুবাদক অৰুণি কাশ্যপ appeared first on NORTHEAST NOW (Assamese).



from NORTHEAST NOW (Assamese) https://ift.tt/2YpsZTN
via IFTTT

Comments