শিৱসাগৰত সাংবাদিক সকলৰ মাজত মাস্ক, চেনিটাইজাৰ বিতৰণ মন্ত্ৰী যোগেন মহনৰ 

শিৱসাগৰত কৰ্তব্যৰত সাংবাদিক সকলৰ মাজত মাস্ক, চেনিটাইজাৰ বিতৰণ কৰিলে অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ প্ৰশমন বিভাগৰ মন্ত্ৰী যোগেন মহনে।

শুকুৰবাৰে সন্ধিয়া শিৱসাগৰৰ আৱৰ্ত ভৱনত সাংবাদিক সকলৰ মাজত মাস্ক আৰু চেনিটাইজাৰ বিতৰণ কৰে অসম চৰকাৰৰ মন্ত্ৰীজনে।

আনহাতে, মন্ত্ৰী যোগেন মহনে সাংবাদিকৰে সৈতে এক আলোচনাত মিলিত হয় আৰু ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে ল’বলগীয়া বিভিন্ন কাৰ্যব্যৱস্থা আৰু ল’কডাউনৰ নীতি-নিৰ্দেশনাৰ সম্পৰ্কত সাংবাদিক সকলৰ লগত মত বিনিময় কৰে।

অনুষ্ঠানত শিৱসাগৰৰ বহু সংখ্যক সাংবাদিক উপস্থিত থাকি মন্ত্ৰীজনৰ পৰা মাস্ক আৰু চেনিটাইজাৰ গ্ৰহণ কৰে।

‘‘ক’ৰ’নাৰ আতংকৰ সময়ত সাংবাদিক সকলে জাগ্ৰত প্ৰহৰী হিচাপে সততাৰে, নিষ্ঠাৰে নিজৰ জীৱনকো তুচ্চ জ্ঞান কৰি ৰাজপথলৈ ওলাই আহিছে, তেখেতসকলক সাহস দিয়াৰ বাবে আজি মই শিৱসাগৰৰ সাংবাদিক সকলক সাক্ষাৎ কৰি তেওঁলোকৰ সুৰক্ষাৰ বাবে একোখন মাস্ক আৰু চেনিটাইজাৰ বিতৰণ কৰো,’’ মাস্ক আৰু চেনিটাইজাৰ বিতৰণ কাৰ্য্যসূচীৰ অন্তত মন্ত্ৰী যোগেন মহনে কয়,

আৰক্ষী আৰু স্বাস্থ্যকৰ্মী সকলে যি দৰে এই দূৰ্যোগৰ সময়ত দিনে নিশাই কাম কৰি আছে ঠিক সেইদৰে সাংবাদিক সকলেও ৰাইজৰ বাবে সেৱা আগবঢ়াই আছে বুলিও মন্ত্ৰী গৰাকীয়ে লগতে কয়।

সাংবাদিক সকলক মাস্ক আৰু চেনিটাইজাৰ বিতৰণ কৰি অত্যন্ত সুখ অনুভৱ কৰিছো বুলিও মন্তব্য কৰে মন্ত্ৰী যোগেন মহনে।

The post শিৱসাগৰত সাংবাদিক সকলৰ মাজত মাস্ক, চেনিটাইজাৰ বিতৰণ মন্ত্ৰী যোগেন মহনৰ  appeared first on NORTHEAST NOW (Assamese).



from NORTHEAST NOW (Assamese) https://ift.tt/2YwsxTX
via IFTTT

Comments