নিজ সমষ্টিৰ উন্নয়নৰ খতিয়ান লবলৈ কৃষি মন্ত্রী অতুল বৰাৰ বিভাগীয় বৈঠক; ল’কডাউনত কৃষকৰ ক্ষতিপুৰণ আদায় দিবলৈ নিৰ্দেশ

নিজৰ সমষ্টিৰ বিভিন্ন বিভাগৰ উন্নয়নমূলক কামকাজৰ খতিয়ান লবলৈ কৃষি মন্ত্ৰী অতুল বৰাই ১ মে’ ত বোকাখাতৰ মহকুমাধিপতি কাৰ্যালয়ৰ সভাকক্ষত এখন বৈঠকত অংশগ্ৰহণ কৰে।

সামাজিক দুৰত্ব মানি অনুষ্ঠিত হোৱা বৈঠকত কৃষি, পশু-পালন, স্বাস্থ্য, জনস্বাস্থ্য-কাৰীকৰি, গড়কাপ্তানী , জলসম্পদ, বিদ্যুৎ আদি বিভাগৰ উন্নয়নমূলক কামকাজৰ খতিয়ান লয় মন্ত্ৰী গৰাকীয়ে।

বৈঠকত অতুল বৰাই মহকুমা কৃষি বিভাগৰ পৰা ল’কডাউনৰ সময়ছোৱাত বোকাখাত মহকুমাত কৃষিক্ষেত্ৰত হোৱা ক্ষয়-ক্ষতিৰ বুজ লোৱাৰ লগতে ক্ষতিগ্রস্ত কৃষকৰ ক্ষয়-ক্ষতিৰ সঠিকভাবে মূল্যায়ন কৰি ক্ষতিপূৰণৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিয়ে।

মন্ত্রী গৰাকীয়ে কৃষিবিভাগক কৃষকসকলক পটল, বেঙেনা, জলকীয়া, জিকা আদি খেতিৰ বাবে উৎসাহ যোগাবলৈ আহ্বান জনায়।

উল্লেখযোগ্য যে, ল’কডাউনৰ সময়ছোৱাত মুখ্য মন্ত্রী কৃষি সা-সজুলি আৰু প্রধানমন্ত্রী কিষান নিধি আঁচনিৰ অধীনত বোকাখাতৰ কৃষকৰ  মাজত ২৫ কোটি ১৮ লাখ ১২ হাজাৰ টকা বিতৰণ কৰা হৈছে বুলি মহকুমা প্ৰশাসনে বৈঠকত জানিবলৈ দিয়ে।

মন্ত্ৰী বৰাই পশু-চিকিৎসা বিভাগৰ বিষয়াৰ সৈতে বৰ্তমান সময়ত দেখা দিয়া গাহৰিৰ স্বোৱাইন ফিভাৰ সন্দৰ্ভত বিতংভাবে আলোচনা কৰি বোকাখাতৰ গাহৰি পালন কৰা অঞ্চল সমূহত সজাগতা সৃষ্টিৰ বাবে ব্যৱস্থা লবলৈ আৰু নিয়মিত ভাৱে প্ৰতিষেধক দিয়াৰ ব্যৱস্থা কৰিবলৈও আহ্বান জনায়।

বৈঠকত বোকাখাতৰ বিভিন্ন বিভাগৰ বিষয়াৰ লগতে গোলাঘাট জিলাৰ উপায়ুক্ত বিভাস চন্দ্র মোদী, বোকাখাত মহকুমাৰ মহকুমাধিপতি বিবেক শ্যাম, গোলাঘাট জিলাৰ অতিৰিক্ত উপায়ুক্ত খনিন্দ্র দাস, বোকাখাতৰ ৰাজহচক্ৰ বিষয়া মানস জ্যোতি নাথ উপস্থিত থাকে।

The post নিজ সমষ্টিৰ উন্নয়নৰ খতিয়ান লবলৈ কৃষি মন্ত্রী অতুল বৰাৰ বিভাগীয় বৈঠক; ল’কডাউনত কৃষকৰ ক্ষতিপুৰণ আদায় দিবলৈ নিৰ্দেশ appeared first on NORTHEAST NOW (Assamese).



from NORTHEAST NOW (Assamese) https://ift.tt/3fcanww
via IFTTT

Comments