কৰ’নাত আক্ৰান্ত হ’ল ৰাছিয়াৰ প্ৰধান মন্ত্ৰী মিখাইল মিছুস্তিন
ৰাছিয়াৰ প্ৰধান মন্ত্ৰী মিখাইল মিছুস্তিনৰ দেহত ধৰা পৰিছে কোভিড-১৯। বৃহস্পতিবাৰে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ সৈতে এখন ভিডিঅ’ কনফাৰেন্সিৰ জৰিয়তে হোৱা বৈঠকত মিছুস্তিনে তেওঁ কৰ’নাত আক্ৰান্ত হোৱাৰ কথা জানিবলৈ দিয়ে।
উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে ব্ৰিটেইনৰ প্ৰধান মন্ত্ৰী বৰিছ জনছনো কোভিড-১৯ত আক্ৰান্ত হৈছিল। অৱশ্যে,বৰ্তমান তেওঁ সুস্থ হৈ উঠিছে।
যোৱা জানুৱাৰিৰ পৰা ৰাছিয়াৰ প্ৰধান মন্ত্ৰী পদত থকা ৫৪বৰ্ষীয় মিখাইল মিছুস্তিনে দেশখনে কোভিড-১৯ৰ বিৰুদ্ধে চলোৱা যুঁজখনত সন্মুখত থাকি নেতৃত্ব দিছে।
সূত্ৰসমূহে প্ৰকাশ কৰা মতে, প্ৰধান মন্ত্ৰীগৰাকীৰ দেহত কোভিড-১৯ পজিটিভ ধৰা পৰাৰ পাছতেই তেওঁ হোম কোৱাৰেন্টাইনত যায়।
বৰ্তমান সাময়িকভাৱে তেওঁৰ দায়িত্বৰ পৰা আঁতৰাই দিয়া হৈছে আৰু প্ৰথম উপ প্ৰধান মন্ত্ৰী আণ্ড্ৰে বেলোছভক ভাৰপ্ৰাপ্ত প্ৰধান মন্ত্ৰীৰ দায়িত্ব অৰ্পন কৰিছে ৰাষ্ট্ৰপতি পুটিনে।
আনহাতে, ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে কৰ’না সংক্ৰমণ সন্দৰ্ভত কয় যে মিছুস্তিনৰ যিটো হৈছে সেয়া যিকোনো লোকৰ সৈতে হ’ব পাৰে।
ৰাছিয়াৰ প্ৰধানমন্ত্ৰী গৰাকীক হাস্পাতলত ভৰ্তি কৰা হৈছেনে নাই সেয়া নিশ্চিত কৰা হোৱা নাই।
বাতৰি অনুসৰি, ৰাছিয়াত ৩০ এপ্ৰিলৰ বিয়লি পৰ্যন্ত কৰ’না আক্ৰান্তৰ সংখ্যা ১ লাখৰ সীমা অতিক্ৰম কৰিছে।
ইপিনে, প্ৰধান মন্ত্ৰী মিছুস্তিনৰ সংস্পৰ্শলৈ অহা প্ৰধান মন্ত্ৰীৰ কাৰ্যালয়ৰ বাকী কৰ্মচাৰীসকলৰ কোভিড-১৯ পৰীক্ষা কৰাৰ নিৰ্দেশ দিয়া হৈছে।
The post কৰ’নাত আক্ৰান্ত হ’ল ৰাছিয়াৰ প্ৰধান মন্ত্ৰী মিখাইল মিছুস্তিন appeared first on NORTHEAST NOW (Assamese).
from NORTHEAST NOW (Assamese) https://ift.tt/2VU25Sl
via IFTTT
Comments
Post a Comment