মিজোৰামত ক’ৰ’নাৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ১৫ জানুৱাৰি পৰ্যন্ত বন্ধ থাকিব বিদ্যালয়

ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি মিজোৰাম চৰকাৰে শুকুৰবাৰে ৰাজ্যখনৰ বিদ্যালয় সমূহ ১৫ জানুৱাৰি পৰ্যন্ত বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

মিজোৰামৰ শিক্ষা মন্ত্ৰী লালচান্দডামা ৰালটে ৰাজ্যখনৰ বিদ্যালয় সমূহ ১৫ জানুৱাৰি পৰ্যন্ত বন্ধ ৰখা সিদ্ধান্তৰ কথা ঘোষণা কৰে।

মিজোৰামত শুকুৰবাৰৰ দিনটোত নতুনকৈ ২৩ গৰাকী ব্যক্তিৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰে আৰু ইয়াৰ ফলত ৰাজ্যখনত মুঠ ক’ৰ’না আক্ৰান্তৰ সংখ্যা ৩৭৮৮ গৰাকীলৈ বৃদ্ধি পায়।

বৰ্তমানলৈ মিজোৰাম চৰকাৰখনে ৰাজ্যত অতি কঠোৰভাৱে কোভিড প্ৰট’কল সমূহ পালন কৰি আহিছে যাৰবাবে মিজোৰামত ক’ৰ’নাৰ সংক্ৰমণৰ বহু পৰিমানে ৰোধ কৰা সম্ভৱপৰ হৈছে।

আনহাতে, মিজোৰাম চৰকাৰে ৰাজ্যখনত খ্ৰীষ্টমাছ, নৱবৰ্ষকে আদি কৰি সকলো ধৰণৰ উৎসৱৰ ৰাজহুৱা উদযাপনতো বাধা আৰোপ কৰিছে যাতে ক’ৰ’নাৰ সামূহিক সংক্ৰমণ ঘটিব নোৱাৰে।

উৎসৱৰ সময়ত ফটকা, ফুলজাৰিৰ উপৰি আকাশী লেম্পৰ ব্যৱহাৰো নিষিদ্ধ কৰিছে মিজোৰাম চৰকাৰে।

উল্লেখযোগ্য যে, মিজোৰামৰ পূৰ্বে দিল্লী চৰকাৰেও ক’ৰ’নাৰ প্ৰতিষেধক নোলোৱা পৰ্যন্ত বিদ্যালয় সমূহ বন্ধ ৰখাৰ কথা ঘোষণা কৰিছিল।

The post মিজোৰামত ক’ৰ’নাৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ১৫ জানুৱাৰি পৰ্যন্ত বন্ধ থাকিব বিদ্যালয় appeared first on NORTHEAST NOW (Assamese).



from NORTHEAST NOW (Assamese) https://ift.tt/3o0bNha
via IFTTT

Comments