এয়াৰটেলে ইয়াৰ গ্ৰাহকলৈ আগবঢ়াইছে বিনামূলীয়া 5GB ডাটা; কেনেকৈ পাব এই সুবিধা?

এয়াৰটেলৰ গ্ৰাহকসকলৰ বাবে সুখৱৰ।এইবাৰ গ্ৰাহকসকলে বিনামূল্যে লাভ কৰিব পাৰে 5GB ইন্টাৰনেট ডাটা। টেলিককম সংস্থাটোৱে ইয়াৰ গ্ৰাহকসকলৰ বাবে এই নতুন অফাৰ আগবঢ়াইছে।

কিন্তু ইয়াক লাভ কৰিবলৈ কিছু চৰ্ত পূৰণ কৰিব লাগিব আৰু তেতিয়াই এই বিনামূলীয়া ডাটা লাভ কৰিব।

বাতৰি অনুসৰি, এয়াৰটেলৰ নতুন প্ৰিপেইড গ্ৰহকসকলে বিনামূলীয়াকৈ 5GB ইন্টাৰনেট ডাটা লাভ কৰিব। নতুন প্ৰিপেইড গ্ৰাহক, যিসকলে নতুন কানেকশ্যন লৈছে বা 2G বা 3G ৰ পৰা 4G কানেকশ্যনলৈ সলনি কৰিছে তেওঁলোকে প্ৰথমবাৰ Airtel Thanks app ডাউনলোড কৰি ৰেজিষ্টেশ্যন কৰিলেই এই অফাৰটো লাভ কৰিব।

অৱশ্যে, কানেকশ্যন লোৱাৰ ৩০দিনৰ ভিতৰত ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। ইয়াৰ তিনিদিনৰ ভিতৰত গ্ৰাহকসকলে 1GB ডাটাৰ পাঁচখন কুপন লাভ কৰিব। তাৰপাছত Airtel Thanks appৰ পৰা সেইবোৰ ৰিডিম কৰিব পাৰিব। এয়া ৯০ দিনৰ ভিতৰতে কৰিব লাগিব। কিয়নো এই সময়ৰ পাছত ইয়াৰ ম্যাদ উকলি যাব। তদুপৰি, ৰিডিমৰ পাছত তিনিদিনৰ ভিতৰতেই এই ডাটা শেষ কৰিব লাগিব।

যিসকল পুৰণি গ্ৰাহকৰ 4G কানেকশ্যন থাকিলেও Airtel Thanks app ডাউনলোড কৰা নাই তেওঁলোকে প্ৰথমবাৰ এপটো ডাউনলোড কৰিলে 2GB ডাটা পাব। ইয়াৰ বাবেও একেই নিয়ম প্ৰযোজ্য।

তদুপৰি, আৰু এটি উপায়েৰে এয়াৰটেলৰ গ্ৰাহকসকলে বিনামূলীয়াকৈ 6GB ডাটা লাভ কৰিব পাৰে।  ইয়াৰ বাবে প্ৰিপেইড গ্ৰাহকসকলে ৫৯৮টকাৰ ৰিচাৰ্জ কৰিব লাগিব। ইয়াৰ ম্যাদ ৮৪দিন।

এই ৰিচাৰ্জ পেকটো কৰা গ্ৰাহকসকলক এয়াৰটেলৰ তৰফলৰ পৰা ছয়খন ৰিচাৰ্জ কুপন দিব। সেই প্ৰতিখন কুপনতেই গ্ৰাহকে পাব 1GB কৰি ডাটা। গ্ৰাহকসকলে মুঠতে ছয়খন কুপনেৰে 6GBডাটা ব্যৱহাৰ কৰাৰ সুবিধা লাভ কৰিব।

The post এয়াৰটেলে ইয়াৰ গ্ৰাহকলৈ আগবঢ়াইছে বিনামূলীয়া 5GB ডাটা; কেনেকৈ পাব এই সুবিধা? appeared first on NORTHEAST NOW (Assamese).



from NORTHEAST NOW (Assamese) https://ift.tt/37pU8ZQ
via IFTTT

Comments