কৃষকৰ ‘দিল্লী চলো’ প্ৰতিবাদী কাৰ্যসূচীৰ বাবে ৰাজধানী দিল্লীত কটকটীয়া নিৰাপত্তা ব্যৱস্থা…

ডিজিটেল ডেস্ক : নৰেন্দ্ৰ মোডী চৰকাৰৰ নতুন কৃষি আইনৰ বিৰুদ্ধে কৃষকৰ দিল্লী চলো প্ৰতিবাদী কাৰ্যসূচী । কেন্দ্ৰৰ কৃষি আইনৰ বিৰোধিতাৰ বাবে কৃষকসকলে পঞ্জাৱৰ পৰা দিল্লীলৈ যোৱাৰ লগে লগে দিল্লী আৰক্ষীয়ে ৰাষ্ট্ৰীয় ৰাজধানীৰ সকলো সীমাত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলে ।

আৰক্ষীয়ে কয় যে কেন্দ্ৰৰ নতুন কৃষি আইনৰ বিৰুদ্ধে প্ৰদৰ্শন কৰা কৃষকসকলক দিল্লীৰ সীমাত উপনীত হ’লেও ৰাজধানীত প্ৰৱেশ কৰিবলৈ অনুমতি দিয়া নহ’ব। এই প্ৰতিবাদী কাৰ্যসূচীত পঞ্জাৱ আৰু হাৰিয়ানাৰ বহু সংখ্যক কৃষক ৰাজধানী দিল্লীৰ সীমাত উপলব্ধ হয়।

কৃষকসকলৰ ‘দিল্লী চালো’ প্ৰতিবাদৰ বাবে দিল্লী পুলিচে সিংঘু সীমাত যান বাহনৰ চলাচল বন্ধ কৰি দিয়ে। বিষয়াসকলে কয় যে, বাহাৰগড়ৰ পৰা দিল্লীলৈ যোৱা পথ বৃহস্পতিবাৰে সন্ধিয়া বন্ধ কৰা হয়।

The post কৃষকৰ ‘দিল্লী চলো’ প্ৰতিবাদী কাৰ্যসূচীৰ বাবে ৰাজধানী দিল্লীত কটকটীয়া নিৰাপত্তা ব্যৱস্থা… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3m6KcdE
via IFTTT

Comments