কৰ’না পৰিস্থিতিৰ আৰু অৱনতি ঘটিছে, মাস্ক নিপিন্ধে জনসাধাৰণে; উদ্বেগ উচ্চতম ন্যায়ালয়ৰ
উচ্চতম ন্যায়ালয়ে ৰাজ্যসমূহক ৰাজনীতিৰ উৰ্দ্ধলৈ গৈ কৰ’না পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ আহ্বান জনাইছে। সৰ্বোচ্চ আদালতখনে কয় যে পৰিস্থিতি ক্ৰমে বেয়াৰ পিনে গৈছে আৰু এতিয়া কঠোৰ পদক্ষেপৰ প্ৰয়োজন।
উচ্চতম ন্যায়ালয়ৰ মতে কোভিড প্ৰতিৰোধৰ বাবে নিয়ম-নীতি সকলো ঠিকেই আছে কিন্তু বাস্তৱত সেয়া ৰূপায়ন কৰাৰ ক্ষেত্ৰত আঁসোৱাহ থাকি গৈছে। এইক্ষেত্ৰত কঠোৰ পদক্ষেপ গ্ৰহণৰ প্ৰয়োজন আছে অন্যথা কেন্দ্ৰৰ সকলো প্ৰচেষ্টা ব্যৰ্থ হৈ পৰিব।
ন্যায়াধীশ অশোক ভূষণৰ নেতৃত্বত গঠিত তিনিজনীয়া বিচাৰপীঠে শুকুৰবাৰে কোভিড ৰোগীৰ চিকিৎসা তথা মৃতদেহ সৎকাৰ সম্পৰ্কীয় এটা গোচৰৰ শুনানি গ্ৰহণ কৰিছিল।
আদালতত ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই কয় যে ৰাজ্যসমূহে সঠিকভাৱে নীতি-নিৰ্দেশনা মানি চলা উচিত কিয়নো এইবাৰ কোভিড পৰিস্থিতি আগতকৈ জটিল বুলি ধাৰণা কৰা হৈছে।
বিচাৰপীঠখনে লগতে কয় যে দেখা গৈছে মানুহে ৰাস্তাত আনন্দ কৰিছে, শোভাযাত্ৰা কৰিছে। তেওঁলোকৰ ৬০শতাংশৰে মাস্ক নাই আৰু বাকী ৩০শতাংশৰ মাস্ক ডিঙিত ওলমি থাকে।
অহা ১ ডিচেম্বৰত এই গোচৰৰ পুনৰ শুনানি হ’ব।
আনহাতে, গুজৰাটত কোভিড ৰোগীৰ মৃত্যুক লৈ আদালতে ৰাজ্য চৰকাৰক ভৎসৰ্না কৰে। পৰৱৰ্তী শুনানিত এই বিষয়ত গুজৰাট চৰকাৰে প্ৰতিবেদন দাখিল কৰিব লাগিব।
The post কৰ’না পৰিস্থিতিৰ আৰু অৱনতি ঘটিছে, মাস্ক নিপিন্ধে জনসাধাৰণে; উদ্বেগ উচ্চতম ন্যায়ালয়ৰ appeared first on NORTHEAST NOW (Assamese).
from NORTHEAST NOW (Assamese) https://ift.tt/3lgjyhl
via IFTTT
Comments
Post a Comment